বাইহাটা চাৰিআলিৰ পৰা বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ৩৬৫, ১৭ফেব্ৰুৱাৰী: বাইহাটাৰ কেন্দুকোনাত ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত জ্বলিল এখন মালবাহী ট্ৰাক । দ্ৰুতবেগী মালবাহী ট্ৰাক এখনে বাইক এখন মহতিয়াই নিয়াৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা । চাৰিখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে দুঘণ্টা যোৰা প্ৰচেষ্টাৰ অন্তত নিৰ্বাপিত কৰে জুই । সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাইক আৰোহী জন । উল্লেখ্য যে যোৱা পষেকত চাৰিজনকৈ লোকে পথ দুৰ্ঘটনাত প্ৰান হেৰুৱাৰ পিছত এইটো এটা অন্যতম দুৰ্ঘটনা । নিশাৰ ভাগত ট্ৰাক সমূহৰ লগতে বিভিন্ন গধুৰ যান বাহন হৈ পৰে পথৰ ৰজা । যাৰ বাবে সাধাৰণ পথচাৰি হৈ পৰে তেনেই সাধাৰণ। দেওবাৰৰ ঘটনাই তাকেই স্পষ্ট প্ৰমাণ কৰিলে। পথৰ দাঁতিত ৰখাই থোৱা বাইক এখন প্ৰায় আধা কি:মি: বাট মহতিয়াই নিয়াৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটি । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে উপস্থিত হয় কমলপুৰ আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ চাৰিখনকৈ বাহন । প্ৰায় দুঘণ্টা যোৰা প্ৰচেষ্টাৰ অন্তত নিৰ্বাপিত হয় বাহনখনত লগা জুই । কিন্তু সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰশ্ন ? এই গধূৰ যান বাহন সমূহক নিয়ন্ত্ৰণ কৰিব কোনে ?