সোণতলী, ১৮ এপ্ৰিলঃ বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত অব্যাহত থকা লুণ্ঠন আৰু আত্মসাতৰ প্ৰতিযোগিতা, পৰিবৰ্তনৰ চৰকাৰ বিজেপি দিনতো ওৰ পৰা নাই  বিভিন্ন দুৰ্নীতি তথা অনিয়মৰ ৷ ৰাজ্যবাসীক পৰিবৰ্তনৰ সপোন দেখুৱাই শাসনৰ গাদী দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ আমোলতো সংঘটিত হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ভয়ংকৰ দুৰ্নীতি ৷ দক্ষিণ কামৰূপৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনন্থ হাতীপাৰা গাঁও পঞ্চায়তত সংঘটিত হৈছে পৰ্বতসম দুৰ্নীতি ৷ পঞ্চায়তটোৰ ভাৰপ্ৰাপ্ত সভাপতি সোনাউল্লাহ শ্বেখ আৰু তেওঁৰ সাংগো-পাংগোই সংঘটিত কৰিছে  ২০ লাখ টকাৰ দুৰ্নীতি ৷ ১৪ নং হাতীপাৰা গাওঁপঞ্চায়তৰ চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰায় ২০ লাখ টকা আৰু টি এফ চি,ডি ডি পি আঁচনিৰ ধনৰো ভাৰপ্ৰাপ্ত সভাপতি সোনাউল্লাহ শ্বেখে কৰিছে অপব্যৱহাৰ ৷ নিম্নমানৰ সামগ্ৰীৰে শৌচালয় নিৰ্মান কৰাৰ লগতে  ৰাজহুৱা অনুষ্ঠানত নিদি ব্যক্তিগত লোকক৷ দমকল আৱন্টন দিছে যদিও বনোৱা হোৱা নাই প্লেটফৰ্ম৷  এই সন্দৰ্ভত পঞ্চায়তটোৰে পাঁচগৰাকী ৱাৰ্ড সদস্য-সদস্যাই কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ত দাখিল কৰিছে লিখিত অভিযোগ৷ আনহাতে ছয়গাঁও আৰক্ষী থানাতো সভাপতিৰ বিৰুদ্ধে দাখিল কৰিছে এখন এজাহাৰ ৷ ছয়গাঁও আৰক্ষীয়ে ভাৰপ্ৰাপ্ত সভাপতিৰ বিৰুদ্ধে  ৰুজু কৰিছে জামীনবিহীন গোচৰ৷ পঞ্চায়তৰ সদ্স্য আৰু স্থানীয় ৰাইজৰ অভিযোগ মৰ্মে ইতিমধ্যে কামৰূপ জিলা পৰিষদৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া গোলাম মহম্মদ মোক্তাদীৰ, অভিযন্তা আব্দুল মতিন সহ কেইবাগৰাকী বিষয়া-কৰ্মচাৰীয়ে চৰজমীন তদন্ত কৰিছে ৷
এতিয়া প্ৰশ্ন হয়- পৰিবৰ্তনগামী তথা দুৰ্নীতিমুক্ত বুলি দাৰী কৰা চৰকাৰে দুৰ্নীতিত লিপ্ত পঞ্চায়ত প্ৰতিনিধি তথা বিষয়া কৰ্মচাৰী সকলক নাকী লগাব পাৰিবনে?