তামুলপুৰ, ১৮ এপ্ৰিলঃ বাক্সা জিলাৰ তামুলপুৰৰ দৰংগামেলা আৰক্ষী চকীৰ অন্তৰ্গত হৰতোলা গাঁৱত যোৱা নিশা সেনা আৰু আৰক্ষীৰ অভিযানত বাৰটাকৈ হেণ্ড গ্ৰেণ্ডেড উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে যোৱা  নিশা ৰেড হৰ্সেন ডিভিজনৰ কুমাৰীকাটা সেনা চাউনীৰ মাহাৰ ৰেজিমেন্টৰ সেনাৰ দল আৰু দৰংগামেলা আৰক্ষীৰ নিয়মীয়া অভিযানত সংসাৰ বসুমতাৰী (২২) নামৰ এজন যুৱকক সন্দেহজনকভাৱে আটক কৰে৷ পিছত আটকাধীন যুবকজনৰ ভাষ্যৰ পৰা তেওঁৰ ঘৰৰ শৌচাগাৰত বাৰটা হেণ্ড গ্ৰেনেড থকা বুলি সদৰি কৰে ৷ লগে লগে সেনা আৰু আৰক্ষীৰ দলটোই যুবকজনক লগত লৈ যুবক গৰাকীৰ হৰতোলাত থকা নিজ বাসভৱনত উপস্হিত হয়৷ সেনা আৰক্ষীৰ দলটোই বাথৰূম আৰু শৌচালয়ত লুকাই থোৱা অৱস্হাত বাৰটা হেন্ড গ্ৰনেড উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷  ইতিমধ্যে সেনাই যুবক জনক দৰংগামেলা আৰক্ষী চকীত চমজাই দিয়ে৷ আৰক্ষীয়ে অধিক তদন্তৰ বাবে যুবক গৰাকীক আৰক্ষী চকীৰ লকআপত ৰখাৰ লগতে্ যুবক জনৰ পৰা আৰু অধিক তথ্যৰ সন্ধান পাব বুলি আৰক্ষীয়ে সদৰি কৰে৷