চৰাইদেউ, ১৭ এপ্ৰিল : ৰঙালী বিহুৰ আনন্দোৎসৱৰ সময়তেই পথ দুৰ্ঘটনাই কাল অমানিশা কঢ়িয়াই আনিলে চৰাইদেউৰ এটা পৰিয়াললৈ৷ উজনি অসমৰ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ বটামৰাত কালি বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকে কৰুণ মৃত্যু সাৱতি লয় । প্ৰাপ্ত তথ্য মতে, কালি বিয়লি প্ৰায় ৪.৩০ বজাত মৰাণৰ পৰা সোণাৰি অভিমুখে গৈ থকা  এ-এছ-০১ বি এইচ-৬২১১ নম্বৰৰ ইক’স্পট বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এঘৰ লোকৰ দেৱালত খুন্দা মাৰে৷ দুৰ্ঘটনাত গাড়ীখনৰ চালক চন্দ্ৰ শেখৰ বৰুৱা (৩১) গুৰুতৰ ভাবে আহত হয়৷ ঘটনাস্থলীত উপস্থিত স্থানীয় লোকে আঘাতপ্ৰাপ্ত যুৱকজনক চিকিৎসালয়লৈ নি থকা অৱস্থাত মৃত্যু হয় । মৃত্যু হোৱা যুৱকজন চৰাইদেউ জিলাৰ সোণাৰিৰ ৫ নং ৱাৰ্ডৰ বাসিন্দা তথা চৰাইদেউ জিলা ক্ৰিয়া সন্থাৰ কাৰ্যকৰী সভাপতি ননী বৰুৱাৰ পুত্ৰ । আমেৰিকাত প্ৰশিক্ষণ প্ৰাপ্ত চন্দ্ৰ শেখৰ বৰুৱাই  ১ মে’ত এয়াৰ ইণ্ডিয়াৰ পাইলট ৰুপে যোগদান কৰাৰ কথা আছিল । প্ৰতিভাবান যুৱকজনৰ অকাল মৃত্যুত সমগ্ৰ চৰাইদেউ জিলাত  শোঁকৰ ছাঁ পৰে । দুৰ্ঘটনাৰ খবৰ পাই সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈ , চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকন, চৰাইদেউ জিলা ক্ৰিয়া সন্থাৰ সভাপতি, সম্পাদক, সোণাৰি প্ৰেছ ক্লাৱ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ সাধাৰণ সম্পাদক পলাশ চাংমাই, আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মানিক গগৈ, টাইপাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লোহিত গগৈকে ধৰি বিভিন্ন দল-সংগঠনে চন্দ্ৰ শেখৰ বৰুৱাৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন জনায় ।