নলবাৰী, ২৪ এপ্ৰিলঃ পখিলা খেদি ফুৰা বয়সত দুৰাৰোগ্য কৰ্কট ৰোগত ভূগিছে নলবাৰীৰ এটা শিশুৱে৷ খেতিৰ মাটি বন্ধকত থৈও শিশুটোৰ চিকিৎসাৰ ধন গোটাবলৈ সক্ষম হোৱা নাই এই দুৰ্ভগীয়া পৰিয়ালটো৷ শিশুটোৰ নাম মিন্তু আলী৷ বয়স তিনি বছৰ৷ নলবাৰীৰ দোকোহা গাঁৱৰ মতিউৰ ৰহমানৰ জ্যেষ্ঠ পুত্ৰ মিন্তু৷ গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ত মিন্তুৰ চকু পৰীক্ষা কৰোৱাই নেপালয়লৈ উন্নত চিকিৎসাৰ কাৰণে নিয়ে পৰিয়ালৰ লোকে৷ কিন্তু নেপালত মিন্টু দুৰাৰোগ্য ৰোগত ভূগি থকা গম পাই এটা চকু অপাৰেচন কৰি উলিয়াই দিয়া হয়৷ বৰ্তমান গুৱাহাটীৰ বিৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন মিন্তু৷ কিন্তু দিন-হাজিৰা কৰি পৰিয়াল পোহ-পাল দিয়া মতিউৰ ৰহমানৰ হাতত নাই পুত্ৰৰ চিকিৎসাৰ কাৰণে কেমো দিয়াৰ ধন৷ মিন্তুৰ পৰিয়াল তথা স্থানীয় লোকে শিশুটিৰ চিকিৎসাৰ কাৰণে সদাশয় ব্যক্তিৰ ওচৰত সহায় বিচাৰিছে৷ ৰাজ্য চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰীকো সহায়ৰ আহ্বান জনাইছে দৰিদ্ৰ পৰিয়ালটোৱে৷ ইচ্ছক ব্যক্তিয়ে SBI ৰ কমাৰকুছিৰ ৩৬০১৩০৮১৩৭৭ নম্বৰৰ একাউন্টত সহায় আগবঢ়াব পাৰে৷