গুৱাহাটী, ২৪ এপ্রিলঃ ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদান সম্পৰ্কত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ বিশেষ উদ্যোগত আজি কেন্দ্রীয় গৃহমন্ত্রালয়ে উল্লিখিত জনগোষ্ঠীকেইটাৰ প্ৰতিনিধিৰে কৰা আলোচনাক আদৰণি জনাইছে দেউৰী জনজাতি ষষ্ঠ অনুসূচী দাবী সমিতি, সদৌ অসম দেউৰী ছাত্র সস্থা, সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থা আৰু তিৱা ছাত্র সস্থাই৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংগঠনকেইটাই কয় যে জনজাতিকৰণ প্রক্রিয়া আৰম্ভ হোৱাৰ পূর্বে চৰকাৰে নতুন জনজাতিসকলৰ বাবে সংৰক্ষণ ব্যৱস্থা নতুনকৈ প্রস্তুত কৰিব লাগে, যাতে ই কোনো ক্ষেত্ৰতে ইতিপূর্বে থকা জনজাতিসমূহৰ সংৰক্ষণ ব্যৱস্থাৰ ওপৰ কোনো হেঁচাৰ সৃষ্টি নকৰে বা পূৰ্বৰ জনজাতিসমূহৰ সামূহিক স্বাৰ্থ বিঘ্নিত নকৰে৷ দেউৰী, তিৱা, ৰাভা হাছং, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী প্রমুখ্যে ছয় জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী সম্পৰ্কত বিবৃতিত কোৱা হয় যে মূলতঃ পূৰ্বৰ চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবেই বিষয়টো দীর্ঘ দিন মীমাংসা নোহোৱাকৈ আছে৷ কেন্দ্রীয় চৰকাৰৰ মুৰব্বী প্রধান মন্ত্রী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ তৎপৰতাত শীঘ্ৰেই বিষয়টোৰ ইতিবাচক ফল লাভ কৰা যাব বুলি আশা প্রকাশ কৰি বিবৃতিটোত কোৱা হয় যে চৰকাৰে বিষয়টো সংসদৰ শীতকালীন অধিবেশন কালতে পূৰ্ণৰূপ দিব পৰাকৈ তৎপৰ পদক্ষেপ গ্রহণ কৰিব লাগে। এই ক্ষেত্ৰত বৃহত্তৰ জনজাতীয় স্বাৰ্থত বিশেষ উদ্যোগ গ্রহণ কৰিবলৈ মুখ্যমন্ত্রীৰ প্রতি আহ্বান জনোৱা হয়। বিবৃতিটোত আৰু কোৱা হয় যে যিহেতু ছয় জনগোষ্ঠীৰ ষষ্ঠ অনুসূচীকৰণৰ দাবী যথেষ্ট পুৰণি, সেয়ে জটিলতা পৰিহাৰ কৰাৰ স্বাৰ্থতে আগন্তুক লোকসভা নির্বাচনৰ পূর্বে বিষয়টোক ইতিবাচক ৰূপ প্রদান কৰা উচিত বুলি মত ব্যক্ত কৰে দেউৰি জনজাতি ষষ্ঠ অনুসুচি দাবি সমিতিৰ প্ৰচাৰ সম্পাদক এল এন দেউৰিয়ে৷