দক্ষিণ শালমাৰা

৩০ জুন

বিগত দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ধলে অসম-মেঘালয় সীমান্তত থকা এখন কাঠৰ দলং উটুৱাই নিয়াৰ লগতে মানকাচৰৰ কালাপানী-টেপৰপাৰা সংযোগী একমাত্ৰ পথটো ছিঙি নিয়ে। গাৰো পাহাৰৰ পানীয়ে কালাপানী-টেপৰপাৰা সংযোগী একমাত্ৰ পথটো ছিঙি নিয়াৰ ফলত কালাপানী, পানকাটা টেপৰপাৰা অঞ্চল কৃত্ৰিম বানপানীৰ কবলত পৰাত শতাধিক লোকৰ ঘৰ জলমগ্ন হৈ পৰা পৰিলক্ষিত হৈছে।

অসম-মেঘালয় সীমান্তৰ মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ দনি বজাৰৰ কাষত থকা দেকুৰগাঁও-ডিমাপাৰা সংযোগী একমাত্ৰ পথৰ ওপৰত থকা কাঠৰ দলংখন বুধবাৰে দুপৰীয়া প্ৰায় ১২ বজাত গাৰো পাহাৰৰ পানীৰ ধলে উটুৱাই নিয়ে। চকুৰ সম্মুখত প্ৰায় ৪০ ছেকেণ্ডৰ ভিতৰত কাঠৰ দলংখন সম্পূৰ্ণৰূপে উটুৱাই নিয়াৰ ফলত অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। একমাত্ৰ এই পথটোৰ ওপৰত থকা কাঠৰ দলংখন এইদৰে উটুৱাই নিয়াত দুয়ো পাৰৰ লোকৰ মাজত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰাত হাহাকাৰৰ সৃষ্টি হৈছে।

ইফালে গাৰো পাহাৰৰ পানীৰ ধল আন আন বছৰৰ দৰে মানকাচৰতো বিস্তৰ ক্ষতি সাধন কৰিবলৈ আৰম্ভ কৰিছে। দুপৰীয়া প্ৰায় ১ বজাত মানকাচৰৰ কালাপানী-টেপৰপাৰা সংযোগী মথাউৰী সদৃশ পথটো গাৰো পাহাৰৰ পানীৰ ধলে চাৰিটাকৈ স্থানত ছিঙি পেলায়। ফলত টেপৰপাৰাৰ কালাপানীৰ জিলাখনৰ অন্যান্য প্ৰান্তৰ লগত সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। একেদৰে এই পথটো ছিঙি যোৱাত কালাপানী অঞ্চলৰ পানকাটা, কুৰাভাঙা, টেপৰপাৰাকে ধৰি প্ৰায় ১০-১২ খন গাঁৱৰ শতাধিক পৰিয়াল কৃত্ৰিম বানপানীৰ কবলত পৰিছে।

মেঘালয়ৰ লগতে দক্ষিণ শালমাৰা- মানকাচৰত
বৰ্তমানেও বৰষুণ অব্যাহত থকাৰ ফলত পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ থকা পৰিলক্ষিত হৈছে। অৱশ্য আন আন বছৰ কৃষক সকলৰ ধান খেতি মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ধলে নষ্ট কৰি পেলোৱাৰ লগতে মাছৰ খেতিয়কৰ পুখুৰীত বিস্তৰ ক্ষতি সাধন কৰে যদিও এইবাৰ কৃষক সকলে আগতীয়াকৈ ধান চপোৱাৰ ফলত কৃষক সকলৰ তেনে ক্ষতিৰ সম্মুখীন হোৱা নাই যদিও কৃষক সকলে পথাৰত ছিটোৱা ধানৰ কঠিয়া পানীয়ে জলমগ্ন কৰি ৰখাত কৃষক সকলে কিছু পৰিমানে ক্ষতিগ্ৰস্থ হৈছে বুলি আঞ্চলিক আছুৰ সদস্য মুল্লুকচান সেখে জানিবলৈ দিয়ে।