দক্ষিণ শালমাৰা

২৯ জুন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত নিজ মাটিত শালি ধানৰ কঠিয়াতলী প্ৰস্তুত কৰাৰ বাবে কৃষি বিভাগৰ ফালৰ পৰা নিৰ্বাচিত কৰা মুঠ ২৯ টাকৈ কৃষক গোটৰ সৈতে জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। কৃষক গোট, জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ মত-বিনিময় কাৰ্যসূচীৰ পিছত কৃষক গোট সমূহৰ মাজত ধানৰ বীজ বিতৰণ কৰা হয়। কৃষি বিভাগৰ উদ্ধোগত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত এই মত বিনিময় সভা অনুষ্ঠিত হয়।

এই মতবিনিময় সভাত মুখ্য অতিথি হিচাপে জিলা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱ জ্যোতি দাসৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মানকাচৰ ৰাজহ চক্ৰ বিষয়া শ্বাহনাজ ইকবাল আৰু দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়া দেবাশিশ বৰা আৰু জিলা কৃষি বিষয়া মইনুল হক। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আঁচনিৰ অধীনত মুঠ ১৬ টাকৈ কৃষক গোট আৰু দুৰ্যোগ ব্যৱস্থাপনা আঁচনিৰ অধীনত ১৩ টাকৈ কৃষক গোটসহ মুঠ ২৯ টাকৈ গোটৰ সদস্য সকল এই সভাত উপস্থিত থাকি শালি ধানৰ কঠিয়াতলি প্ৰস্তুতৰ নিয়ম নীতি সমূত জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ সৈতে আলোচনা কৰে।

ইতিমধ্যে জিলাখনত ১৫ টাকৈ কৃষক গোটক প্ৰায় ২০০ কুইণ্টল ধানৰ বীজ বিতৰণ কৰা হৈছে। জিলাখনত প্ৰথম বাৰৰ বাবে কৃষি বিভাগে এইদৰে শালি ধানৰ কঠিয়াতলি প্ৰস্তুতৰ ব্যৱস্থা হাতত লৈছে। কঠিয়া সঠিকভাৱে প্রস্তুত হলে এই সকল কৃষকে জিলাখনৰ অন্যান্য কৃষক সকলৰ উপৰিও আন জিলাৰ কৃষক সকলক চৰকাৰীভাৱে কঠিয়া বিতৰণ কৰিব পাৰিব বুলি জিলা কৃষি বিষয়া মইনুল হকে জানিবলৈ দিয়ে।