নৱজোতি বৰুৱা

চামগুৰি

৩০ অক্টোবৰ

চামগুৰিত অব্যাহত আছে চোৰৰ সন্ত্রাস। নিশা হ’লেই ওলাই আহে চোৰৰ দল। চোৰাৰ সন্ত্ৰাসে নিদ্ৰা হৰিছে চামগুৰিবাসীৰ। প্ৰতিনিশাই সংঘটিত হৈ আছে চুৰিকাণ্ড। চোৰ ধৰাত বিফল চামগুৰি আৰক্ষী।

নগাঁও জিলৰ বিভিন্ন অঞ্চলত বিগত কিছুদিন ধৰি ব্যাপক হাৰত বৃদ্ধি পাইছে চুৰিকাণ্ড। জিলাখনৰ বিশেষ কিছুমান অঞ্চল চোৰে লক্ষ্য কৰি লোৱাত অঞ্চলত সমূহত প্ৰায়ে সংঘটিত হৈ আছে চুৰিকাণ্ড। বিশেষকৈ নগাঁৱৰ চামগুৰিত দিনক-দিনে বৃদ্ধি পাইছে চোৰৰ সন্ত্রাস। নিশা হ’লেই চোৰৰ দল ওলাই আহি মানুহৰ ঘৰৰ লগতে লুটপাত চলায় দোকান চামগুৰিত থকা দোকান সমূহত। কিছুদিনৰ পূৰ্বে চামগুৰিৰ এঘৰ গৃহস্থৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি নিশা চোৰে ঘৰটোত লুটপাত চলাই লুটি নিছিল বহু ধন। চামগুৰিত চোৰৰ উপদ্ৰৱ ইমানেই বৃদ্ধি পাইছে যে এইবাৰ আৰক্ষী থানাৰ সন্মুখতে চোৰে চলালে চুৰিকাণ্ড। বৃহস্পতিবাৰে নিশা চামগুৰি আৰক্ষী থানাৰ সন্মূখতে থকা দুখনকৈ দোকান আৰু গৃহস্থৰ ঘৰৰ পৰা চোৰে লুটিলে বহু হাজাৰ টকা মূল্যৰ সমগ্রী। আৰক্ষী থানাৰ সন্মূখৰ দুখনকৈ দোকানৰ তলা ভাঙি চোৰে দোকান দুখনৰ পৰা বহু টকাৰ সমগ্রীৰ লগতে নগদ ধন লুটি নিয়াৰ লগতে দোকান দুখনৰ কাষতে থকা এঘৰ গৃহস্থৰ ঘৰৰ পৰা চাইকেল লৈ যায় চোৰে।

চুৰিকাণ্ড সন্দৰ্ভত দোকান দুখনৰ গৰাকীয়ে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে চোৰ ধৰিবলৈ সক্ষম হোৱা নাই। চামগুৰিত দিনক দিনে চুৰিকাণ্ড সংঘটিত হোৱাৰ ঘটনা বৃদ্ধি পোৱাকলৈ চিন্তিত হৈ পৰিছে চামগুৰিৰ স্থানীয় ৰাইজ।