অলি উল্লাহ খান

লাহৰীঘাট

৩০ অক্টোবৰ

মৰিগাঁও জিলাৰ দীঘলবড়ি গাঁৱৰ উদ্ধৱ দেউৰী নামৰ এগৰাকী যুৱ কৃষক। কৃষক উদ্ধৱ দেউৰীয়ে কৃষি ক্ষেত্ৰত ব্যৱহৃত ইটোৰ পিছত সিটো যন্ত্ৰ সাজি উলিয়াই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।

যুৱ কৃষক উদ্ধৱ দেউৰীয়ে এইবাৰ সাজি উলিয়াইছে এটা মাকৈ বীজ ৰোপণ যন্ত্ৰ। যন্ত্ৰটোৰ সহায়ত এগৰাকী কৃষকে অকলেই এদিনত দুবিঘা পৰ্যন্ত মাটিত ৰোপণ কৰিব পাৰিব মাকৈৰ বীজ। উদ্ধৱ দেউৰীয়ে সাজি উলিওৱা মাকৈ বীজ ৰোপণৰ এই যন্ত্ৰই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। পূৰ্বেও উদ্ধৱ দেউৰী নামৰ কৃষক গৰাকীয়ে সাজি উলিয়াইছিল ধানৰ কঠিয়া ৰোপণ কৰা আন এটা যন্ত্ৰ। এইবেলি শালি বতৰত উদ্ধৱ দেউৰীয়ে নিজে উদ্ভাৱন কৰা যন্ত্ৰটোৰে ৰোপন কৰিছিল শালি ধানৰ খেতি। উল্লেখ্য যে এইগৰাকী উদ্যমী কৃষকে বিজ্ঞানসন্মত গৱেষণা প্ৰসূতভাৱে ইটোৰ পাছত সিটোকৈ কৃষি ভিত্তিক যন্ত্ৰ উদ্ভাৱন কৰি ৰাজ্যৰ কৃষি ক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে যদিও মন্ত্ৰী অতুল বৰাৰ বিয়াগোম কৃষি বিভাগৰ এইগৰাকী কৃষকৰ খবৰ ল’বলৈ আহৰি হোৱা নাই।

ৰাজ্যৰ ক্ষুদ্ৰ কৃষক সকলৰ সমস্যা সমাধানৰ উদ্দেশ্যে যুৱ কৃষক উদ্ধৱ দেউৰীয়ে নিজৰ সৰু কোঠালিটোতে নিৰবিচিন্নভাৱে অত্যাধুনিক কৃষি যন্ত্ৰ উদ্ভাৱনত নামি পৰিছে। আগন্ত সময়ত কৃষক সকলে অতি কম সময়ৰ ভিতৰত অধিক কাম কৰিব পৰাকৈ আৰু কৃষ কাৰ্যক অধিক সহজ কৰি তুলিবলৈ উদ্ধৱ দেউৰীয়ে অত্যাধুনিক কৃষি যন্ত্ৰ উদ্ভাৱন কৰিব বুলিও জানিবলৈ দিয়ে।