গুৱাহাটী 

৩ জুন

হোজাইত চিকিৎসকক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে বিশিষ্ট মানৱ অধিকাৰকৰ্মী-সমাজসেৱক ড° দিব্যজ্যোতি শইকীয়াই।চিকিৎসকক ভগৱানৰ পিছতে স্থান দিয়া হয় যদিও বিভিন্ন সময়ত চিকিৎসকৰ ওপৰতে সংঘটিত হয় আক্ৰমণৰ ঘটনা।তেনে এক দুৰ্ভাগ্যজনক ঘটনা পুনৰবাৰ সংঘটিত হৈছে হোজাই জিলাত। চিকিৎসকৰ ওপৰত চলা এই আক্ৰমণৰ ঘটনাক গৰিহণা দিছে প্ৰতিজন ব্যক্তিয়ে।

দেশজুৰি ক’ভিডৰ এই ভয়ংকৰ পৰিস্থিতিত সময়ত সৰ্বসাধাৰণ ৰাইজৰ একমাত্ৰ ভৰসা চিকিৎসক তথা চিকিৎসাকর্মী। ক’ভিডৰ বিৰুদ্ধে মানৱ জাতিৰ চলি থকা যুঁজৰ একেবাৰে প্ৰথমৰ শৰীৰ যোদ্ধা হৈছে এই চিকিৎসক তথা চিকিৎসাকর্মী সকল। সংকটৰ এই সময়ত দিনে-নিশাই চিকিৎসা সেৱাত ব্যস্ত থকা চিকিৎসক আৰু চিকিৎসাকর্মী সকল বিভিন্ন সময়ত আক্ৰমণৰ বলি হোৱা দেখিবলৈ পোৱা গৈছে। হোজাই জিলাত ক’ভিড চিকিৎসাত নিয়োজিত হৈ থকা সেউজ সেনাপতি নামৰ এজন চিকিৎসকৰ লগতে এগৰাকী নাৰ্চৰ ওপৰত চলা আক্ৰমণৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে।

এচাম বৰ্বৰলোকে এগৰাকী চিকিৎসকক অচম্বিতে কৰা গণ আক্ৰমণৰ দৰে নিকৃষ্ট পাশৱিক ঘটনাক তীব্র ভাষাৰে গৰিহণা দিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা তথা সততে গণ নীগ্ৰহৰ বিৰুদ্ধে আপোচবিহীনভাৱে মাত মাতি অহা বিশিষ্ট মানৱ অধিকাৰ তথা সমাজকর্মী ডঃ দিব্যজ্যোতি শইকীয়াই। সমাজকৰ্মী গৰাকীয়ে কয় যে, এইটো এটা ম’ব লিংচিংৰ ঘটনা। এনে ম’ব লিংচিং ৰোধৰ বাবে দেশত কঠোৰ আইন বলবৎ কৰাৰ প্ৰয়োজন আহি পৰিছে। কেন্দ্ৰীয়ভাৱে নহ’লেও ৰাজ্যিক পৰ্যায়ত অসম চৰকাৰে এনে ম’ব লিংচিংৰ বিৰূদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিব লাগে বুলি দাবী উত্থাপন কৰে ড° দিব্যজ্যোতি শইকীয়াই।