জুৰীয়া

২ জুন

জুৰীয়াৰ লাওঁখোৱা- বুঢ়াচাপৰি অভয়াৰণ্যত বন বিভাগৰ অভিযান। অভিযানত উদ্ধাৰ আঁঠটাকৈ কাম চৰাই। জব্দ অত্যাধুনিক টেপৰেকৰ্ডাৰ আৰু অডিঅ’ প্লেয়াৰ। অভিযানত বন বিভাগে চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম নহ’ল যদিও অনাগত দিনত পক্ষী নিধন কাৰ্যৰ পৰা বিৰত থাকিবলৈ চোৰাং চিকাৰীসকলক বন বিভাগৰ সকীয়ানি।

ৰাজ্যত অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে আৰক্ষীৰ সমান্তৰালভাৱে সক্ৰিয় হৈ উঠিছে বন বিভাগ। অসম আৰক্ষীয়ে বিগত কিছুদিন ধৰি ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ সাফল্য লাভ কৰি থকাৰ মাজতে এইবাৰ বন বিভাগে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। নগাঁও জিলাৰ অন্তৰ্গত জুৰীয়াৰ লাওঁখোৱা- বুঢ়াচাপৰি অভয়াৰণ্যৰ সুঁতিৰপাৰ খণ্ড বনবিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ এটা সজাতি দলে মঙলাবাৰে নিশা অভয়াৰণ্যখনৰ দাঁতিকাষৰীয়া জুৰীয়াৰ গদাইমাৰিৰ শিঙিয়া পথাৰত এক গোপন সূত্ৰৰ পম খেদি অভিযান চলায়।

অভিযানকালত বনকৰ্মীৰ দলটোৱে আঁঠটাকৈ কাম চৰাই উদ্ধাৰ কৰাৰ লগতে অত্যাধুনিক টেপ ৰেকৰ্ডাৰ আৰু অডিঅ’ প্লেয়াৰ জব্দ কৰে। অৱশ্যে বন বিভাগে এই চোৰাং চিকাৰী বিৰোধী অভিযানত কোনো চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম নহ’ল। বন বিভাগে চোৰাং চিকাৰীসকলক পক্ষী নিধন কাৰ্যৰ লগতে অন্যান্য বন্যপ্ৰাণী নিধন কাৰ্যৰ পৰা বিৰত থাকিবলৈ সংবাদ মাধ্যমযোগে সকিয়নী প্ৰদান কৰে।