চিৰাঙ, সংবাদ ৩৬৫, ৭ আগষ্টঃ চিৰাং জিলাৰ কাজলগাঁও নগৰ সমিতিৰ ২নং ৱাৰ্ডৰ বৰতালোৱাত প্ৰথমটো আধাৰশীলা স্থাপন কৰে কাজলগাঁও নগৰ সমিতিৰ সভাপতি পানীৰাম ব্ৰহ্মই৷ চিৰাং জিলাৰ তিনিখন নগৰ সমিতিত প্ৰধান মন্ত্ৰী আভাষ যোজনাৰ অধীনত চিৰাং জিলাত ২৫৯ টা গৃহৰ মঞ্জুৰী পোৱাৰ কথা সদৰি কৰে জিলা অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্মই৷ জিলাখনৰ কাজলগাঁও নগৰ সমিতিত ৯১ টা,বিজনী নগৰ সমিতিত ৬৮ টা আৰু বাসুগাঁও নগৰ সমিতিত ১০০ টা গৃহৰ অনুমোদন পাইছে৷ এই আঁচনিত প্ৰতিটো ঘৰ নিৰ্মানৰ বাবে ২ লাখ টকাৰ অনুদান আগবঢ়ায়৷ মংগলবাৰে কাজলগাঁও নগৰ সমিতিত প্ৰথম প্ৰধান মন্ত্ৰী আভাষ যোজনাৰ গৃহৰ আধাৰশীলা স্থাপন কৰে৷ প্ৰধান মন্ত্ৰী আভাষ যোজনাৰ গৃহৰ আধাৰ শীলা স্থাপনত উপস্থিত থাকে কাজলগাঁও নগৰ সমিতিৰ সভাপতি পানীৰাম ব্ৰহ্ম,চিৰাং জিলা অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম সহ কেবাজনো বিষয়া৷
