বৰপেটা, সংবাদ ৩৬৫, ৭ আগষ্টঃ দীৰ্ঘ দিন ধৰি চলি অহা দেহ ব্যৱসায়ীৰ আড্ডা উৎখাত স্থানীয় মহিলা সমিতিৰ৷ অসংযত অৱস্থাত আটক এহাল যুৱক যুৱতীক৷ এই ঘটনা সংঘটিত হয় বৰপেটা ৰোডৰ সমীপৰ বাক্সা জিলাৰ শিমলাগুৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা ধাবা “ভোগ মন্দ”ত৷মঙ্গলবাৰে স্হানীয় মহিলা সমিতিয়ে অভিযান চলাই এহাল যুৱক যুৱতীক আটক কৰাৰ লগতে উদ্ধাৰ কৰে কিছু আপত্তি জনক সামগ্ৰী লগতে কেবাজনো যুৱক দৌৰি পলায়ণ কৰে৷ উল্লেখ্যযে শিমলাগুৰী আৰক্ষী চকীৰ পৰা মাত্ৰ ৩০০ মিটাৰ  সমীপত থকা এই “ভোগ মন্দ” ধাবা খনিত এনে অপকৰ্ম দীৰ্ঘদিন ধৰি চলি আহিছে যদিও শিমলাগুৰী আৰক্ষীয়ে ৰহস্য জনক ভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত মঙ্গলবাৰে স্হানীয় মহিলা সমিতিৰ সদস্যাই গৈ অভিযান চলাবলৈ বাধ্য হয়৷ যুৱক যুৱতীহালক আটক কৰি চমজাই দিয়ে শিমলাগুৰী আৰক্ষীক৷