গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মাৰ্চ : গুৱাহাটীৰ হাতীগাওঁস্হিত মুখ্য কাৰ্যালয়ত এ আই ইউ ডি এফৰ সংবাদ মেল। সাধাৰণ সম্পাদক অামিনুল ঘোষণা দলৰ সিধান্তত তিনিটা লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব এ আই ইউ ডি এফে।

সংবাদ মেলত তেওঁলোকে কয় যে বিজেপি কোনো কাৰণতে ক্ষমতা লৈ আহিব নোৱাৰে। বিজেপিক প্ৰতিহিত কৰিবৰ বাবে বৰ্তমানৰ সমষ্টি কেইটাত প্ৰাৰ্থী প্ৰদান কৰিছে দলটোৱে।
বিজেপিয়ে ধৰ্মৰ ক্ষেত্ৰত ৰাজনীতি কৰি সংঘাতৰ সৃষ্টি কৰিছে।
গাদী ৰখাৰ স্বাৰ্থত, ক্ষমতাৰ স্বাৰ্থত বিজেপিয়ে অসমক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে।এ আই ইউ ডি এফৰ মূল শত্ৰু বিজেপি।অগপই নিৰ্ল্লজ ভাৱে বিজেপিৰ লগত মিত্ৰতা কৰিছে।

কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত এতিয়ালৈকে কোনো আলোচনা হোৱা নাই বুলিও মন্তব্য সংবাদমেলত।এ আই য়ু ডি এফৰ এই সিদ্ধান্তই কংগ্ৰেছৰ সৈতে গোপন বুজা বুজিৰ ইংগিত বহন কৰিছে।