গুৱাহাটী, সংবাদ ৩৬৫, ৫ এপ্ৰিল : গুৱাহাটীৰ ৭ নং লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ বিজেপি প্ৰাৰ্থী শ্ৰীমতী কুইন ওজাৰ মনোনয়ন পত্ৰৰ লগত দিয়া শপতনামাক লৈ আপত্তি দৰ্শাইছে আৰু এই কথা এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি জানিবলৈ দিছে হাজৰিকাই।

প্ৰেছ বিজ্ঞপ্তিত তেখেতে উল্লেখ কৰে যে আজি মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়ত মোৰ ফালৰ পৰা বিজেপি প্ৰাৰ্থী শ্ৰীমতী কুইন ওজাৰ মনোনয়ন পত্ৰৰ লগত দিয়া শপতনামাক লৈ আপত্তি দৰ্শোৱা হৈছে। শ্ৰীমতী কুইন ওজাই নিজৰ শিক্ষাগত অৰ্হতাক লৈ দিয়া তথ্য দেখাদেখিকৈ মিছা। তেওঁ দুখন শপতনামা একেদিনাই নটাৰী কৰি দাখিল কৰে য’ত এখনত তেওঁ ক’লে যে ২০১১ চনত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে । আনখনত তেওঁ লিখিলে যে তেওঁ ২০১২ চনত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা তেওঁ বেচিক প্ৰিপেৰাটৰি প্ৰগ্ৰামত উত্তীৰ্ণ হৈছে ।

একেদিনাই দিয়া দুখন শপতনামাত, একে বিষয়ত দুটা ভিন্ন তথ্য দিয়া হৈছে । উক্ত দুটা শপতনামাৰ কেৱল এটাহে সঁচা হ’ব পাৰে, আনটো মিছা — আৰু মিছা তথ্য দিয়াটো ১৯৫১ চনৰ জনপ্ৰতিনিধি আইনৰ ১২৫ (ক) ধাৰা অনুসৰী এটা নিৰ্বাচনী অপৰাধ, যাৰ বাবে ৰিটাৰ্নিং বিষয়াই তেখেতৰ মনোনয়ন বাতিল কৰিবলৈ মই আবেদন জনাইছেো ।

মনোনয়ন পত্ৰ বাতিলৰ এটা অতিৰিক্ত ভিত্তি হৈছে যে যি ২০১১ চনত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱা বুলি তথ্য শপতনামাত দিয়া হৈছে, সেয়া এটা সম্পূৰ্ণ ভুৱা তথ্য, কাৰণ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ে এনে কোনো পৰীক্ষা অনুষ্ঠিত নকৰে বা প্ৰমাণপত্ৰও নিদিয়ে ।

উপৰোক্ত বিষয়সমূহৰ ভিত্তিত শ্ৰীমতী কুইন ওজাৰ প্ৰাৰ্থিত্ব নাকচ কৰিবলৈ মই ৰিটাৰ্নিং বিষয়াৰ ওচৰত এখন শপতনামা দাখিল কৰোঁ ।