মিৰ্জা, সংবাদ৩৬৫, ১০ মাৰ্চ: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশকো অমান্য কৰাৰ অভিযোগ সদৌ অসম পঞ্চায়ত কেজুৱেল কৰ্মচাৰী সন্থাৰ ।

দীৰ্ঘদিন ধৰি ৰাজ্যৰ পঞ্চায়ত সমূহত নিম্ন বেতনেৰে নিজৰ কৰ্তব্য পালন কৰি চৰকাৰৰ পঞ্চায়তীৰাজ ব্যৱস্থাত বিশেষ অৰিহনা যোগাই অহা কেজুৱেল কৰ্মচাৰীক পুনৰ চৰকাৰে বঞ্চনা কৰি নিৰ্বাচনী ইচ্ছু হিচাপে ৪৫০ গৰাকী সংগ্ৰাহকক আলিমহৰী পদত নিযুক্তি দিয়ে। উক্ত বিষয়টোক লৈ তীব্ৰ ক্ষোভৰ বহিঃ প্ৰকাশ দেখা গ’ল সদৌ অসম পঞ্চায়ত কেজুৱেল কৰ্মচাৰী সন্থাটোৰ।

দক্ষিণ কামৰূপৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ মিৰ্জাত সন্থাটোৰ সাধাৰণ সভাত দেখা গ’ল চৰকাৰ বিৰোধী মন্তব্য ।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি এইসকল কেজুৱেল কৰ্মচাৰীয়ে নিজৰ সমস্যা সমাধান বাবে চৰকাৰক বহুবাৰ আৱেদন-নিবেদন জনাই আহিছিল যদিও চৰকাৰে বৰ্তমানলৈকে এইসকল কৰ্মচাৰীৰ দাবী কোনো দিনে গুৰুত্ব প্ৰদান নকৰিলে । ওলোটাই নতুনকৈ ৪৫০ গৰাকী সংগ্ৰাহকক পঞ্চায়তত নিযুক্তি দিয়াত এনেদৰে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ দেখা গ’ল কৰ্মচাৰীবৃন্দৰ।