সোণাপুৰ,সংবাদ৩৬৫,৯মাৰ্চ: অসম আন্দোলনৰ সময়ত সমগ্ৰ ডিমৰিয়াৰ ছাত্ৰ সমাজৰ আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা সোণাপুৰ উচ্চতৰ মাধ্যমিক চৌহদত অৱস্থিত আন্তঃ ডিমৰিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়তো ছাত্ৰ পুথিভঁৰাল ৰূপে নতুন ৰূপে নিৰ্মাণ কৰাৰ বাবে ছাত্ৰ সন্থাই এক পদক্ষেপ গ্ৰহণ কৰে ।

শনিবাৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি মেধিয়ে পুথিভঁৰালতোৰ আধাৰশিলা স্থাপন কৰে।

অনুষ্ঠানটোত সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষাৰ উপৰি সোণাপুৰ আন্তঃডিমৰিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি,সম্পাদকৰ লগতে যথেষ্ট সংখ্যক বিষয়ববীয়া উপস্থিত থাকে।

উল্লেখযোগ্য যে সমগ্ৰ ডিমৰিয়া অঞ্চলত এনে পুথিভঁৰাল ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু মানসিক উত্তৰণৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব বুলি আশা কৰিছে সমগ্ৰ অঞ্চলবাসীয়ে।