জখলাবন্ধা, সংবাদ ৩৬৫, ২৮ মাৰ্চ: নগাঁও জিলাৰ জখলাবন্ধা আৰক্ষীয়ে বুধবাৰে দুজনকৈ বাঘ চিকাৰীক আটক কৰিবলৈ সক্ষম হয়। নগাঁও জিলাৰ কলিয়াবৰৰ শাকমুঠী চাহ বাগিচাৰ ১৭ নম্বৰ লাইনৰ কালা বাগানত দেওবাৰে এটা মৰা গৰুত বিহ দি কেইজনমান চিকাৰীয়ে এটা নাহৰফুটুকী বাঘ হত্যা কৰিছিল। চিকাৰী কেইজনে নাহৰফুটুকী বাঘটোক হত‍্যা কৰি বাঘটোৰ মাংসও ভক্ষন কৰিছিল। জখলাবন্ধা আৰক্ষীয়ে এই গোপন সুত্ৰৰ এই ঘটনাৰ লগত জড়িত ব্যক্তি সকলৰ সন্ধান লাভ কৰাৰ পিছত জখলাবন্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবেন বৰাৰ নেতৃত্বত অভিযান চলাই বাঘৰ হাড়, চাল আৰু দাতসহ দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয়। জখলাবন্ধা আৰক্ষীয়ে নাহৰফুটুকী বাঘৰ হত্যা আৰু মাংস ভক্ষণৰ লগত জড়িত দুজন চিকাৰীক আটক কৰে যদিও এই ঘটনাৰ লগত জড়িত থকা চাৰিজনকৈ চিকাৰী পলাতক অবস্থাত আছে।