সোণতলী, সংবাদ ৩৬৫, ২৯ মাৰ্চ: শিক্ষা বিভাগৰ পিছত পৰিৱৰ্তনকামী চৰকাৰে স্বাস্থ্য বিভাগত গুণোৎসৱৰ আয়োজন কৰিবলৈ প্ৰস্তুতি চলাই আহিছে যদিও ৰাজ্যৰ একাংশ অঞ্চলবাসীয়ে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হবলগীয়া হৈছে ৷চৰকাৰে প্ৰতিবছৰে কোটি কোটি টকা ব্যায় কৰিলেও ক্ৰমাৎ এলাগি হৈ পৰিছে গ্ৰামাঞ্চলৰ স্বাস্থ্য সেৱা৷ ইয়াৰে এক জ্বলন্ত উদাহৰণ হৈছে দক্ষিণ কামৰূপৰ সোণতলী অঞ্চলৰ দুৰামাৰী মালীবাৰী উপস্বাস্থ্য কেন্দ্ৰখন। ২০১২-১৩ চনত নিৰ্মানৰ কাম সম্পুৰ্ণ হৈছে যদিও বৰ্তমানলৈকে উদ্বোধন হোৱা নাই স্বাস্থ্য কেন্দ্ৰখন। নিৰ্মাণৰ পিছতো প্ৰায় ৫ বছৰ ধৰি পৰিত্যাক্ত অৱস্থাত থকাৰ ফলত স্বাস্থ্য কেন্দ্ৰখনৰ গৃহবোৰ জহি খহি যাবলৈ ধৰিছে। স্বাস্থ্য কেন্দ্ৰখনৰ আচবাৱ পত্ৰ সমূহও ইতিমধ্যে ভাগি যোৱাৰ লগতে চোৰেও লুটি লৈ গৈছে স্বাস্থ্য কেন্দ্ৰখনৰ ফেন, বৈদ্যুতিক তাৰৰ লগতে বিভিন্ন সা সামগ্ৰী। দৰ্জা খিৰিকিৰ কাঠ আয়না ভাঙি যোৱাৰ ফলত স্বাস্থ্য কেন্দ্ৰখন সম্প্ৰতি ভূত বাংলাত পৰিনত হৈছে। চৰনীয়া পথাৰত পৰিনত হৈছে স্বাস্থ্য কেন্দ্ৰখনৰ চৌহদ। সোণতলীৰ বৃহত্তৰ দুৰামাৰী মালীবাৰী অঞ্চলৰ জাওকাটা, ডেকাচাং, চতুৰ্ভুজ, পথালিপাৰা, আলোপতি, দামাপাৰা, বগুৰীগুৰী, নাওভাংগা, বটিয়ামাৰী, মালীবাৰী সত্ৰ, কিচমত কাঠমী, নিজকাঠমী, বদলা পথাৰকে ধৰি প্ৰায় ৪০ খন গাঁৱৰ ৰাইজক স্বাস্থ্য সেৱা প্ৰদান কৰাৰ বাবে প্ৰায় ২৫ কিলোমিটাৰ দৈৰ্ঘৰ ব্যাসৰ মাজমজিয়াৰ দুৰামাৰীত স্বাস্থ্য কেন্দ্ৰখন নিৰ্মান কৰা হৈছে যদিও বৰ্তমানলৈকে স্বাস্থ্য কেন্দ্ৰখন উদ্ধোধন নোহোৱাত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈছে এক বৃহত্তৰ অঞ্চলবাসী। এইক্ষেত্ৰত স্থানীয় ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো কোনো সুফল পোৱা নাই অঞ্চলবাসীয়ে ৷ স্বাস্থ্য কেন্দ্ৰখন অতিশীঘ্ৰে উদ্ধোধন কৰি চিকিৎসক কৰ্মচাৰীৰ ব্যাৱস্থা কৰাৰ বাবে বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে অঞ্চলবাসী ৰাইজে ৷