কাকপথাৰ, সংবাদ ৩৬৫, ২৩ অাগষ্ট: এসময়ত শদিয়াৰ পৰা ধুবুৰীলৈ নাট্য জগতত বলিষ্ঠ অভিনয়েৰে প্ৰশংসা বুটলি শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰা তিনিচুকীয়া জিলাৰ চাহ নগৰীৰ ডুমডুমা অঞ্চলৰ নাট্য জগতৰ চিনাকী নাম নিৰ্মালী কোঁৱৰ গগৈ। অভিনেত্ৰী নিৰ্মালী কোঁৱৰ গগৈ সম্প্ৰতি দুৰাৰোগ্য ৰোগত অাক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। তিনিবছৰ পূৰ্বে এক দুৰাৰোগ্য ৰোগত অাক্ৰান্ত হৈ অসমৰ বাহিৰত চিকিৎসা কৰি উভতি অহা নিৰ্মালী পুনৰ চিকিৎসাধীন হ’বলগীয়া হৈছে। যোৱা তিনিটা বছৰে চিকিৎসাৰ নামত ব্যয় কৰি অাৰ্থিকভাৱে দুৰ্বল হৈ পৰা নিৰ্মালীক সহায়ৰ বাবে অাগবাঢ়ি অাহিছে ডুমডুমাৰ ” অনাম”নামৰ নাট্য অনুস্থানটোৱে। অহা ১৪ অাৰু১৫ ছেপ্তেম্বৰত ডুমডুমা শাখা সাহিত্য ভৱনত দুদিনীয়াকৈ মঞ্চস্থ কৰিব দুখন পুৰ্ণাঙ্গ নাট অাৰু এখন শিশু নাট।পুৰ্ণ গতিত চলিছে নাটকৰ অাখৰা। এই নাট্য অনুস্থানটিৰ পৰা সংগৃহিত ধন নিৰ্মালীৰ চিকিৎসাৰ ব্যয়ৰ বাবে অাগবঢ়াব নাট্য দলটোৱে। সেয়েহে শিল্পীগৰাকীক অাৰ্থিকভাৱে কিছু সকাহ দিয়াৰ উদ্দেশ্য সাফল্যমণ্ডিত কৰিবলৈ সকলোৰে সক্ৰীয় সহযোগিতা কামনা কৰিছে “অনাম” নামৰ নাট্য অনুস্থানটিয়ে। শিল্পীগৰাকীৰ চিকিৎসাৰ বাবে যদিহে কোনো ব্যক্তি বা অনুস্থান বা প্ৰতিস্থানে সহায় অাগবঢ়াব বিচাৰে তেনেহলে ডুমডুমাৰ “অনাম “ৰ সভাপতি /সম্পাদক অথবা ৮৪০৪০৭৯৪৭৬/৮০১১৭৬৭৭৪৭ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব।
