ডুমডুমা, সংবাদ ৩৬৫, ২৩ আগষ্ট: নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ লক্ষ্যৰে ভাৰত বৰ্ষক এখন স্বচ্ছ নিকা দেশ হিচাপে পৰিগণিত কৰিব খোজা অভিযানৰ অষাৰ প্ৰতিপন্ন ঘটে তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰ। জিলা খনৰ ডুমডুমা নগৰৰ ৰাজহুৱা স্থান সমূহত পেলোৱা গেলা পঁচা আৱৰ্জনাময় বস্তুৱে নগৰ খনৰ পৰিবেশ সৌন্দৰ্য্য ম্লান কৰাৰ লগতে জনস্বাস্থলৈ ভাবুকি কঢ়িয়াই আনিছে। নগৰখনৰ উচা মাটিৰ সমীপত থকা ৰাজহুৱা বাছ অাস্থানটো কোটি কোটি টকা ব্যয়ৰে নিৰ্মান কৰি মুকলি কৰাৰ তিনি চাৰিবছৰ নৌহওতেই বিল্ডিংৰ ঠায়ে ঠায়ে প্ৰকাণ্ড ফাট মেলাৰ লগতে পাছ ফালৰ অংশত অাবৰ্জনাৰ পাহাৰ গঢ়ি উঠাৰ লগতে শৌচাগাৰ ,পেচাবগাৰ সমুহেও দুৰ্গন্ধময় পৰিবেশৰ সৃষ্টি কৰিছে। যাৰ বাবে দৈনিক হাজাৰ হাজাৰ যাত্ৰীৰ স্বাস্থ্য জীৱনলৈ ভাবুকি কঢ়িয়াই অানিছে।অাস্থানৰ কাষৰ অস্বাস্থ্যকৰ পৰিবেশত থকা দোকানৰ খাদ্য সামগ্ৰী সমুহেও জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অানিছে। ইফালে ডুমডুমাস্থিত ৰেল ষ্টেচন অাৰু ডুমডুমা নগৰ খেলপথাৰৰ এটা অংশত গেলা পচা অাবৰ্জনা তথা মুকলিত পেচাব পায়খানা কৰাত দুৰ্গন্ধময় নগৰ হিচাপে গঢ় লৈ উঠিছে। এই ক্ষেত্ৰত নগৰ সমিতিখনে অাগন্তুক সময়ত কেনেধৰণৰ পদক্ষেপ গ্ৰহন কৰিব সেইয়াহে লক্ষণীয় হ’ব।