বৰপেটা, সংবাদ ৩৬৫, ২৩ আগষ্ট: বৃহস্পতিবাৰে বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ কাষত বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে উচ্ছেদ অভিযান চলায়৷।দীৰ্ঘদিন ধৰি ৰেলৱেৰ মাটিত অবৈধ ভাৱে ঘৰ সাজি বসবাস কৰা এশটা পৰিয়ালৰ লোক সকলক বৰনগৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত উচ্ছেদ অভিযান চলায় ৰেল বিভাগে। বেদখলকাৰী পৰিয়ালসমুহৰ বিৰুদ্ধে ৰেল বিভাগে পূৰ্বে জাননী জাৰী কৰি ৰেল বিভাগৰ মাটিৰ পৰা আতৰি যোৱাৰ নিৰ্দেশ দিছিল৷ কিন্তু বেদখলকাৰী লোক সকলে ৰেল বিভাগৰ নিৰ্দেশক আওকান কৰি অবৈধ ভাৱে বসবাস কৰি আহিছিল । ফলত বেদখলকাৰী নিৰ্মান কৰা ঘৰ দুৱাৰসমুহ জেচিবিৰে ভাঙি চিঙি বেদখলমুক্ত কৰে ৰেলৱেৰ মাটি ৷ বৰপেটাৰোড থানাৰ বৃহৎ আৰক্ষী বাহিনীৰ সহযোগত চলোৱা এই উচ্ছেদ অভিযানত বেদখলকাৰী সকলক দুই দিনৰ সময় সীমা বান্ধি দিয়ে উচ্ছেদকাৰীৰ দলটিয়ে। যদিহে দুই দিনৰ ভিতৰত ৰেলৱে বিভাগৰ মাটি বেদখলমুক্ত নকৰে তেনেহলে প্ৰশাসনে কঠোৰ ভুমিকা পালন কৰিব বুলি সকীয়াই দিয়ে । ইপিনে নদীৰ খহনীয়াত সৰ্বস্ব হেৰুৱাই দীৰ্ঘদিন ধৰি বৰপেটাৰোডৰ ৰেলৱেৰ মাটিত অবৈধ ভাৱে ঘৰ সাজি বসবাস কৰা লোক সকলে কয় আমি মোদীৰ কথা মতে বিজেপিক ভোট দিছিলো । আমি দৰিদ্ৰ মানুহ আমাক চৰকাৰে কিবা এটা ব্যৱস্থা কৰক । এই দৰিদ্ৰ লোক সকলক বসবাস কৰিবলৈ এডোখৰ মাটিৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে বেদখলকাৰী লোকসকলে ।