বকো, সংবাদ ৩৬৫, ১৩ জুলাইঃ নিৰ্বাচনৰ পূৰ্বে হাজাৰটা প্ৰতিশ্ৰুতি দিয়া চৰকাৰখন কামত ফুটুকাৰ ফেন। পৰিৱৰ্তনৰ শ্লোগানেৰে দিছপুৰৰ গাদী ৰক্ষা কৰা সোণোৱাল চৰকাৰখও একেটা কাণ্ডই দেখুৱালে অসমবাসী ৰাইজক। কেৱল প্ৰতিশ্ৰুতিয়ে দি থাকিল ৰাইজক। অৱশেষত প্ৰতিশ্ৰুতিৰ আশাৰ বন্যা বাদ দি বকোৰ দক্ষিণ ৰাংগাপানী আৰু চেঙা সমষ্টিৰ শিকাৰীপাৰা এন চি বাসীয়ে দান বৰঙণিৰে নিৰ্মাণ কৰিলে কলহী নদীৰ ওপৰত থকা বাহৰ দলং। যি খন দলঙে এক বিপদ সংকুল পৰিৱেশৰ সৃষ্টি কৰিছে গাঁওবাসীৰ মাজত। ৰাইজৰ গাঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰিবলৈ বাধ্য হল দলংখন। নিতৌ দলংখনেৰে স্থানীয় ৰাইজ, স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে আদি কৰি শ শ লোকে অহৰহ যাতায়ত কৰি থাকে। বকো সমষ্টি আৰু চেঙা সমষ্টি সীমামূৰীয়া হোৱা হেতুকে ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়ে জনপ্ৰতিনিধিসকলে এইবুলি অভিযোগ উত্থাপিত কৰিছে ৰাইজে। এতিয়া ৰাইজৰ বাবে ডাঙৰ প্ৰশ্ন, কেতিয়ালৈ নিৰ্মাণ হব এই দলংখন। কেতিয়ালৈ কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা সাৰ পাব চৰকাৰ তথা জনপ্ৰতিনিধি। গাদীত বহি পাহৰি যাব নেকি নিৰ্বাচনৰ পূৰ্বে দিয়া হাজাৰটা প্ৰতিশ্ৰুতি।