কলগাছিয়া, সংবাদ ৩৬৫, ২৭ জানুৱাৰী: বৰপেটা জিলাৰ বানিয়াৰাপাৰাস্থিত জনপ্ৰিয় জুনিয়ৰ কলেজৰ ৰূপালী জয়ন্তী উৎসৱ ২৭ জানুৱাৰীত দিনযোৰা কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত কলেজৰ পতাকা উত্তোলন, পুৱা ৮-১৫ বজাত ৰূপালী জয়ন্তী মহোৎসৱৰ পতাকা উত্তোলন, ৮-৩০ বজাত ৰূপালী জয়ন্তী মহোৎসৱৰ লাইখুঁটা স্থাপন, ৮-৪৫ বজাত ৰূপালী জয়ন্তী মহোৎসৱৰ ২৫ পতাকা উত্তোলন, ৯-৩০ বজাত গছপুলি ৰোপণ, ১০-১৫ দোৱা মাগফিৰাৎ, ১০-৩০ বজাত ছহিদ তৰ্পণ, ১০-৪৫ বজাত স্বচ্ছ ভাৰত অভিযান, ১২-১৫ বজাত আকস্মিক বক্তৃতা প্ৰতিযোগিতা, দিনৰ ১ বজাত বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মিলন-সমাৰোহ অনুষ্ঠিত কৰাৰ পাছত ৰূপালী জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ সভাপতি আমিৰ হুছেইনৰ সভাপতিত্বত আবেলি ৩ বজাত মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উদযাপন সমিতিৰ মুখ্য সম্পাদক তথা জনপ্ৰিয় জুনিয়ৰ কলেজৰ অধ্যক্ষ এম নেওৱাজুল হকে।প্ৰতি মাহেকত ৰূপালী জয়ন্তী উৎসৱ পালন কৰা হ’ব আৰু চলিত বৰ্ষৰ অক্টোবৰ মাহৰ ১৬ পৰা ১৯ তাৰিখলৈ ৰূপালী জয়ন্তী মহোৎসৱৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব বুলি উদযাপন সমিতিয়ে সংবাদ মাধ্যমক জনাইছে। এই ক্ষেত্ৰত ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ লগতে সৰ্বস্তৰৰ শুভাকাংক্ষী ৰাইজৰ সক্ৰীয় সহায়-সহযোগিতা উদযাপন সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে।