গুৱাহাটী, সংবাদ ৩৬৫, ১৩ মে’ : বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল । সংবাদমেলত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাক সমালোচনা ৰূপম গোস্বামীৰ । বিধায়ক জাকিৰ হুছেইন চিকদাৰে এন আৰ চিৰ সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া মুখপাত্ৰগৰাকীৰ ।

ৰূপম গোস্বামীয়ে কয় সংবাদমাধ্যমৰ আগত কয় যে এন আৰ চিৰ সন্দৰ্ভত হুছেইনে কৰা মন্তব্য আপত্তিজনক । মুখ্যমন্ত্ৰী আৰু আৰ এছ এছৰ নির্দেশত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া চলা বুলি কৰা মন্তব্য গ্ৰহণযোগ্য নহয় । এন আৰ চি প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চলে । তেওঁ এই সমগ্ৰ বিষয়টো খেলি-মেলি কৰিব বিচাৰিছে । তেওঁলোকে বিচৰা নাই যে এনে আৰ চি সম্পূৰ্ণ আৰু শুদ্ধভাৱে হওঁক। ভাৰতীয় জনতা পাৰ্টিয়ে সদায়েই এন আৰ চি শুদ্ধভাৱে হোৱাটো বিচাৰে।

বিধায়ক জাকিৰ হুছেইন চিকদাৰক সকীয়নী দি কয় ৰূপম গোস্বামীয়ে কয় যে অনাগত দিনত কোনো তথ্য নোহোৱাকৈ মুখ্যমন্ত্ৰীক যি আক্ৰমণ কৰিছে সেইটো গণতন্ত্ৰৰ বাবে দুৰ্ভাগ্যজনক। কংগ্ৰেছৰ বিধেয়ক গৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে আমি ব্যৱস্থা লম ।