গুৱাহাটী, সংবাদ ৩৬৫, ১৩ মে’ : চৰা দামত গ্ৰাহকসকলে ক্ৰয় কৰি আহিছিল ছাগলীৰ মাংস। প্ৰতিকিলো ছাগলী মাংস গ্ৰাহকসকলে ক্ৰয় কৰি আহিছিল ৬০০ টকাকৈ । কিন্তু এতিয়াৰে পৰা ৬০০ টকাৰ মূল্যৰ ছাগলী মাংস ক্ৰয় কৰিব পাৰিব ৫৬০ টকাৰ দামত।

গুৱাহাটী মহানগৰী তথা ইয়াৰ ওচৰ পাজৰৰ ছাগলী মাংস বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা ব্যৱসায়িকসকলৰ যোৱা ১১ মে’ত হোৱা এক সভাৰ সিদ্ধান্তমৰ্মে প্ৰতিকেজি ছাগলীৰ মূল্য ৬০০ টকাৰ পৰা ৪০ টকা হ্ৰাস কৰি ৫৬০ টকা নিৰ্ধাৰণ কৰে। দাম বঢ়াৰ বাবে মাংস ক্ৰয় কৰা গ্ৰাহকৰ সংখ্যা কমি গৈছে । সেয়েহে ৰাইজৰ সুবিধাৰ বাবে এনেদৰে দাম হ্ৰাস কৰে বুলি জানিবলৈ দিয়ে গ্ৰেটাৰ গুৱাহাটী কুৰেস্বী মীত এছোচিয়েছনে।

উল্লেখযোগ্য যে ২০১৯ চনৰ ২ জানুৱাৰীৰ পৰা চৰকাৰীভাৱে স্থাপন কৰা শ্লাটাৰ হাউচত প্ৰতিজন ছাগলী মাংসৰ ব্যৱসায়ীয়ে অতিৰিক্ত মাচুলৰ ভৰাৰ বাবে প্ৰতিকিলো ছাগলীৰ মাংসৰ মূল্য ৬০০ টকা কৰা হৈছিল যদিও কেইবামাহৰ পৰা চৰকাৰী কচাইখানা শ্লোটাৰ হাউচ বন্ধ থকাত আৰু চৰকাৰী শ্লাটাৰ হাউচৰ ঠিকা লোৱা এন এফ পি পি এল নামৰ প্ৰতিষ্ঠানৰ কিছুমান কার্যকলাপৰ বাবে সেই ব্যৱস্থা বন্ধ হৈ গৈছে । যাৰ বাবে ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰেটাৰ গুৱাহাটী কুৰেস্বী মীত এছোচিয়েছনৰ তৰফৰ পৰা ছাগলী মাংসৰ মূল্য মঙলবাৰৰ পৰা হ্ৰাস কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।