চৰাইদেউ, ২৩ এপ্ৰিলঃ চৰাইদেউ জিলাৰ ভজোৰ টিয়কৰ মেধাবী ছাত্ৰ আছিফ আলি (১৩)৷ সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনৰ কেইবছৰমান আগতে হৈছিল এটা দুৰ্ঘটনা৷ পেটত পৰিছিল তিনিটা চিলাই৷ সেয়াই কাল হ’ল ছাত্ৰজনৰ৷ চিলাই স্থানৰ পৰাই ইনফেকচন হৈ বৰ্তমান সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে ছাত্ৰজনৰ লিভাৰ৷ চিকিৎসাৰ বাবে প্ৰয়োজন প্ৰায় তিনিলাখ টকা৷ টকাৰ চিন্তাত মূৰত আকাশ ভাঙি পৰিছে পৰিয়ালটোৰ৷ এম.ই.বৃত্তি লাভ কৰা মেধাবী ছাত্ৰ আছিফ আলিয়ে এতিয়া যুঁজিছে মৃত্যুৰ সৈতে৷ ছাত্ৰজনৰ গাত তেজ নোৰোৱা হৈছে৷ বাহিৰৰ পৰা তেজ দিলেও ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ নাইকিয়া হৈ পৰিছে শৰীৰৰ তেজ৷ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত অপাৰেচনৰ জৰিয়তে ছাত্ৰজনৰ লিভাৰ এটা অংশ কাটি উলিয়াই নিদিলে মৃত্যু নিশ্চিত ছাত্ৰজনৰ৷ দৈনিক হাজিৰা কৰি পৰিয়াল পোহ পাল দিয়া পিতৃ শ্বাহাদৎ আলিয়ে চকুৰে দেখিছে ধোঁৱা-কোঁৱা৷ ভিন্নজনৰ ওচৰত হাত পাতিও চিকিৎসাৰ বাবে ধন গোটাব পৰা নাই পৰিয়ালটোৱে৷ উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ লগতে ৰাইজৰ সহায়ৰ আহ্বান জনাইছে পৰিয়ালটোৱে৷