গুৱাহাটী, ২৩ এপ্ৰিলঃ অসমৰ অস্তিত্ব, বৰ্ণাঢ্য লোক সংস্কৃতি আৰু কৃষকৰ অধিকাৰৰ সুৰক্ষাৰ বাবে বিহু সুৰক্ষা সমিতি অসমে ৰাজ্যখনৰ মুঠ ২৭খন জিলা সমিতিক লৈ এখন সাংস্কৃতিক আন্দোলন গঢ়ি তুলিছে৷ আজি দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ জৰিয়তে বিহু সুৰক্ষা সমিতি অসমে এই তথ্য সদৰি কৰে৷ সংবাদমেলত সমিতিৰ উচ্চস্তৰীয় নেতৃবৰ্গই কয় যে, বিহু সুৰক্ষা সমিতি, অসমৰ লক্ষ্য চিৰ সেউজ সংস্কৃতি গঢ়া৷ সেউজ সংস্কৃতি গঢ়িব পাৰিলেহে চিৰ সেউজ অর্থনীতি বিকাশ হ’ব। সেউজ সংস্কৃতি মানে প্রকৃতিৰ লগত সম্পৰ্কত এখন সমাজ। যিখন সমাজত হত্যা, হিংসা, দুনীতি-ভ্ৰষ্টাচাৰ, উচ্চ-নীচ, বর্ণ-বৈষম্য নাথাকিব। সকলো জাতি জনগোষ্ঠীয়ে সম অধিকাৰ, সম-মৰ্যদাৰে স্বকীয়তাক জীয়াই ৰাখিব পাৰে। ভাগ্যৰ বিপৰীতে ত্যাগৰ আদৰ্শৰে মানুহৰ বাসপোযোগী এখন সমাজৰ স্বার্থত লোক সংস্কৃতি-সমূহ কৃষিজীৱী শ্রমজীৱী মানুহৰ মাজত চিৰ সেউজ হৈ থাকিব। যিখন সমাজত চিৰ সেউজ অৰ্থনীতি বিকাশ হ’ব। য’ত কৃষকৰ কৃষ্টি সমূহ শুদ্ধ আৰু পৰম্পৰাগত ৰূপত সুৰক্ষিত হ’ব। কৃষকৰ সৃষ্টি বিহু কৃষ্টি আজি সংকটৰ গৰাহত ককবকাব ধৰিছে। এচাম লোকে বিহুক অতি বেছি বাণিজ্যিকীকৰণৰ স্বাৰ্থত অতি বেছি আধুনিকীকৰণ কৰি বিহুৰ স্ৰষ্টা সৰ্বসাধাৰণ কৃষিজীৱী, শ্রমজীৱী মানুহখিনিৰ মাজৰ পৰা বিহুক বহু দূৰ আঁতৰাই পঠাইছে। বিহুক লৈ নতুন প্রজন্ম আজি দিকভ্ৰান্ত হৈছে। বহুজাতিক কোম্পানী সমূহে বিহুক ব্যৱসায়ৰ স্বাৰ্থতেই পণ্যত পৰিণত কৰিছে। প্রতিযোগিতাৰ মঞ্চত বিহুৰ পৰিবেশ্য কলাসমূহক এচাম লোকে সম্পূৰ্ণৰূপে বিজতৰীয়া ৰূপত প্রদর্শন কৰিছে। এই ক্ষেত্ৰত বিহুৰ উদ্যোক্তা, বিহুৰ প্ৰতিযোগী, বিচাৰক সকলক সজাগ হ’বলৈ পুনৰ আহবান জনোৱা হ’ল। ‘গাভৰু বিহু’, “মুকলি বিহু’ আৰু ‘হুচৰিৰ বৈশিষ্ট্য ৰক্ষা কৰি প্ৰতিযোগিতা আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰিলেহে বিহুৰ স্বকীয়তা সুৰক্ষিত হ’ব। ফলত এই ক্ষেত্ৰত পৰম্পৰাৰ কাষ চাপি যাবলৈ নিৰন্তৰপ্ৰচেষ্টা অব্যাহত ৰাখিবলৈ অসমবাসীলৈ অনুৰাধ জনায়। আনহাতে বিহুগান, বিহুনৃত্য, বিহু কুঁৱৰী, ৰাণী, সম্রাজ্ঞী, সম্রাট আদি অভিধাসমূহ বিহুৰ ক্ষেত্ৰত ব্যৱহাৰ নকৰি বিহুনাম, বিহুনাচ, বিহুৱতী, বৰবিহুৱতী, অসমশ্রেষ্ঠ বৰবিহুৱতী, ঘাই বিহুৱতী, বিহুৱা, বৰবিহুৱা, এই ধৰণৰ বিহুৰ লগত সম্পর্ক থকা অভিধাসমূহ ব্যৱহাৰ কৰিবলৈ অসমবাসীলৈ আহবান জনায়৷ অডিঅ’-ভিডিঅ’ এলবাম সমূহৰ যোগেদি বিহুসুৰীয়া আধুনিক গীত সমূহকে বিহুগীত বা বিহুনাম বুলি প্ৰচাৰ কৰা, অশ্লীল শব্দ প্রয়োগ আৰু দৃশ্য সংযোজনেৰে গীত মাত প্ৰচাৰ কৰা, অসম আৰু অসমৰ বাহিৰত লোক-কৃষ্টি বিহুৰ পৰিবেশ্য কলা সমূহ বিজতৰীয়া ৰূপত প্রদর্শন কৰা আদি কার্যৰ জৰিয়তে লোক জীৱনক চুড়ান্ত আঘাট সনাৰ বিপৰীতে বিহুৱা-বিহুৱতীৰ সাজ-পোচাক পৰিৱেশন শৈলী, “গাভৰু বিহু”, চ’তৰ “ৰাতিবিহু” বা “মুকলি বিহু” আৰু কেৱল পুৰুষ সকলৰ মাঙ্গলীক অনুষ্ঠান “হুচৰি” আঞ্চলিক আৰু জনগােষ্ঠীয় বৈশিষ্ট্য ৰক্ষা কৰি শুদ্ধ আৰু পৰম্পৰাগত ৰূপত প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবৰ বাবে অসম চৰকাৰক এখন চেঞ্চৰ বর্ড গঠনৰ যোগেদি ব্যৱস্থা গ্রহণ কৰিবলৈ আহবান জনায়৷ চেঞ্চৰ বর্ডৰ অনুমােদনৰ পিচত হে লোক কৃষ্টি সমূহ প্রদর্শন, বাণীবদ্ধ তথা প্ৰচাৰ কৰিব পাৰিব। লোক কৃষ্টি লোক সমাজত বহু বছৰ ধৰি পৰম্পৰাগত ভাৱে সমাজৰ লৌকিক কিছু নিয়ম ৰক্ষা কৰি চলি আহিছে। পৰম্পৰাগত ভাৱে প্ৰচলিত লৌকিক নিয়ম সমূহ নসাৎ কৰি বণিক গোষ্ঠীৰ স্বার্থত বিহুৰ পৰিবেশ্য কলাসমূহক অতি বেছি আধুনিকীকৰণ কৰি আধুনিক কৰিঅ’গ্ৰাফ তথা নীতি নিয়মেৰে বান্ধি পেলাব খোজা সুবিধাবাদী শ্রেণীটোৱে লোক-কৃষ্টি বিহুক অভিজাত সংস্কৃতি হিচাপে প্রতিষ্ঠা কৰিবলৈ নিৰন্তৰ চেষ্টা চলাইছে। সেইসকল ব্যক্তিক বিহু সুৰক্ষা সমিতি অসমে বিহুক বিজতৰীয়া নকৰিবলৈ আহবান জনাইছে। কাতি বিহু আৰু মাঘ বিহুত ঢোল-পেপা বজাই চ’তৰ বিহুৰ দৰে বিহুনাম, বিহুগীত গাৱা, বিহুনাচ, মেজিৰ কাষত প্রাচীন কীৰ্ত্তি চিহ্ন, বিভিন্ন ধৰণৰ ঘৰ, জীৱ-জন্তু চৰাই চিৰিকতি মেজিঘৰ বা ভেলাঘৰ হিচাপে নির্মাণ কৰি প্ৰতিযোগিতা অনুষ্ঠিত কৰা, মেজিৰ কাষত পিঠা পনা, চাহ-জলপান প্রস্তুত কৰা, দুমাহীৰ আগতেই বৈদ্যুতিন প্ৰচাৰ মাধ্যম সমূহত মেজি জুই জ্বলোৱা, আকাশ লঙ্খী মেজি সজা কাৰ্যই বিহুৰ স্বকীয়তা বিনষ্ট কৰিছে। তেনে কাৰ্যৰ পৰা বিৰত থকাৰ লগতে য’তদূৰ সম্ভৱ, অসমৰ বাহিৰত বণিক গোষ্ঠীয়ে উৎপাদন কৰা চুৰিয়া, বিহুচোলা, গামোচা, মেখেলা, ৰিহা আদি ক্রয় কৰাৰ পৰিৱৰ্ত্তে নিজাকৈ উৎপাদন কৰিবৰ বাবে বিহু সুৰক্ষা সমিতি অসমে অসমবাসীক অনুৰোধ জনায়৷