জুৰীয়া

৯ এপ্ৰিল

জুৰীয়াৰ বলিকটীয়া পথত টাটা মবাইলৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী। জুম্মাৰ নামাজ পঢি মছজিদৰ পৰা  উভতি থকা সময়ত দুর্ঘটনাত নিহত হয় বাইক আৰোহীজন। ঘটনাকলৈ সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে।

নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত মেলেকাধিংত টাটা মবাইল গাড়ীৰ খুন্দাত এজন বাইক আৰোহী থিতাতে নিহত হয়। এই ভয়াবহ পথ দুৰ্ঘটনাত নিহত হোৱা বাইক আৰোহীজন ইছমাইল হুছেইন বুলি জানিব পৰা গৈছে। মৃত ইছমাইল হুছেইনৰ ঘৰ ধিংবৰী চাপৰীত। জুম্মাৰ নমাজ পঢ়ি ইছমাইল হুছেইনে বাইকেৰে ডুমডুমীয়ালৈ গৈ থকা অৱস্থাত তীব্ৰ বেগী টাটা মোবাইলে ইছমাইল হুছেইনৰ বাইকত খুন্দা মাৰে।

তীব্ৰ বেগী টাটা মবাইলৰ খুন্দাত ইছমাইল হুছেইন বাইকসহ মাটিত বাগৰি পৰে আৰু থিতাতে ইছমাইল হুছেইনৰ মৃত্যু ঘটে। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে দুর্ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।