ৰূপহীহাট 

১০ এপ্ৰিল

ৰূপহীহাটৰ চাইদৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ যায় দহ লক্ষাধিক টকা মূল্যৰ সম্পত্তি। অগ্নিকাণ্ডত ভস্মীভূত হয় পাঁচটাকৈ বাসগৃহ।

নগাঁও জিলাৰ ৰূপহীহাটৰ চাইদৰীয়াত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত পাঁচটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। চাইদৰীয়াৰ আজগৰ আলী নামৰ এজন লোকৰ ঘৰত নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। আজগৰ আলীৰ ঘৰত সূত্ৰপাত হোৱা জুইৰ লেলিহান শিখাই নিমিষতে আবৰি ধৰে সমীপৰ আব্দুল গফুৰ নামৰ অন্য এজন লোকৰ বাসগৃহ। বৈদ্যুতিক চৰ্ট শ্বাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

আজগৰ আলীৰ বাসগৃহত থকা দুটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত অগ্নিকাণ্ড‌ই অধিক ভয়াবহ ৰূপ ধাৰণ কৰে। অগ্নিকাণ্ডত এখন বাইককে ধৰি দহ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপিত হয়।