আজিজুল হক

বৰপেটা

২৮ অক্টোবৰ

“ডি ৱাই ৩৬৫” নিউজ চেনেলৰ সাংবাদিক মিতুৰাণীৰ নতুন এলবাম “সোৱৰণী”য়ে খলকনি সৃষ্টি কৰিছে সামাজিক মাধ্যমত। সাংবাদিকতাৰ লগতে সংগীত জগতত আগুৱাই গৈছে মিতুৰাণীয়ে। দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ “সোৱৰণী”ৰ। 

অসমৰ আগশাৰীৰ নিউজ চেনেল “ডি ৱাই ৩৬৫” ৰ সাংবাদিক মিতুৰাণী দাসে সাংবাদিকতাৰ লগতে সংগীত জগততো অৰিহনা যোগাই আহিছে। সম্পূৰ্ণ নিজস্ব সৃষ্টিৰাজিৰে কথা, সুৰ, কাহিনী, অভিনয় আদি প্ৰদান কৰি দৰ্শকৰ মাজলৈ মিতুৰাণী দাসে এৰি দিছে কিছু গীত। সাংবাদিক মিতুৰাণীৰ নতুনকৈ মুক্তি পোৱা ক’ভাৰ এলবাম হৈছে “সোৱৰণী”। এই ভিডিঅ’ এলবামটোত মিতুৰাণীয়ে নিজে অভিনয় কৰাৰ লগতে কণ্ঠদান কৰিছে। এক ব্যতিক্ৰমী চিন্তা ধাৰাৰে সৃষ্ট এই ভিডিঅ’ এলবামটোৰ গীতৰ মাজেৰে প্ৰতিফলিত হৈছে আপোনজনৰ অপেক্ষা, নিসংগতা, বিষন্নতা, আশা, কল্পনা আৰু প্ৰাপ্তি-অপ্ৰাপ্তিৰ অনুভৱ। অসমীয়া এলবামৰ কিছু অভিনয়তকৈ পৃথকভাৱে চিন্তা চৰ্চা কৰি গীতটোত তেওঁ নিজেই অভিনয়ত কিছু নতুনত্ব আনি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰা দেখা গৈছে। । দূৰ্গা পূজা উপলক্ষে মুক্তি পোৱা এই ক’ভাৰ গীতটোত সকলোৱে সহজে গুণগুণাব পৰা অতি সহজ সৰল ভাষা আৰু সুৰ ব্যৱহাৰ কৰা হৈছে। সকলো কাল্পনিকভাৱে আপোনজনৰ অপেক্ষা, সোৱৰণীয়ে শব্দৰ প্ৰকাশভংগী গীতটোৰ অভিনয়ৰ মাজেৰে সুন্দৰভাৱে নিগৰাইছে যত মানুহৰ নিষ্ঠুৰতা, জীৱনৰ শূণ্যতা, ক্ষোভ, জীৱনত হৈ যোৱা ভুলৰ উপলব্ধি আৰু চৰম সিদ্ধান্তৰ কথাও গীতটোৰ মাজেৰে পৰিস্ফুট হৈছে। গীতটোৰ ভিডিঅ’ অভিনয় উপভোগ কৰি মোহাচ্ছন্ন দৰ্শকে ইতিমধ্যে যথেষ্ট ইতিবাচক সঁহাৰি জনাইছে। গীতটোত অসমীয়া আৰু বাংলা দুয়োটা ভাষা ব্যৱহাৰ কৰা হৈছে বাবে অসমৰ বিভিন্ন ভাষীলোকৰ গীতটো বুজাত সুবিধা হৈছে। গীতটো মুক্তি লাভ কৰাৰ পিছৰে পৰা বিভিন্ন মাধ্যমত দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰা দেখা গৈছে। গীতটোৰ মাজেৰে দৰ্শকে অসমীয়া এলবাম অভিনয়ত এক নতুনত্ব লাভ কৰা বুলিও জনা যায়। সামাজিক মাধ্যমত গীতটোৱে দৰ্শকৰ মাজত খলকনি সৃষ্টি কৰা দেখা গৈছে। সামাজিক মাধ্যমত আপলোড হোৱাৰ পিছত গীতটোৰ “ভিউৱাৰ্চ” সংখ্যাৰ ওপৰত ভিত্তি কৰি দৰ্শকে গীতটো অধিক জনপ্ৰিয় হোৱা বুলি ভবাৰ লগতে সকলো শ্ৰেণীৰ দৰ্শকে গীতটো আকোৱালি ল’ব বুলি আশা কৰিব পাৰি। ডি ৱাই ৩৬৫ ৰ এংকৰ মিতুৰাণীয়ে বৰপেটা মাধৱ চৌধুৰী কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত মাচ কমিউনিকেচন পঢ়ি অসমৰ সংবাদ জগতত প্ৰৱেশ কৰে আৰু সংবাদ জগতত এগৰাকী সফল সাংবাদিক হিচাপে প্ৰতিষ্ঠা লাভ কৰে। সাংবাদিকতাৰ দৰে অতি ব্যস্ততাপূৰ্ণ বৃত্তিত জড়িত থকাৰ লগতে সাংবাদিক মিতুৰাণীয়ে সংগীত চৰ্চাতো জড়িত হৈ পৰে। ইতিমধ্যে কেইবাটাও গীতত মিতুৰাণীয়ে কণ্ঠদান কৰিছে, গীত ৰচনা কৰিছে। এগৰাকী সু-সাংবাদিক হিচাপে পৰিচয় লাভ কৰাৰ সামন্তৰালভাৱে সংগীত জগতত ন ন সংযোজন কৰি মিতুৰাণীয়ে এগৰাকী ভাল গায়িকা হিচাপেও পৰিচয় লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। ইতিমধ্যে সুকণ্ঠী গায়িকা হিচাপে তেওঁ অসমৰ চূকে কোণে গৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। সংবাদ জগতৰ লগতে সাংস্কৃতিক জগততো দখল লোৱাৰ পিনে অগ্ৰসৰ হোৱা মিতুৰাণীয়ে “ৰদালি” গীতটো নিজে গোৱাৰ লগতে অভিনয়ো কৰিছে।

“ৰদালি” গীতটিয়েও দৰ্শক ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে এই গীতটোৱে। সাংবাদিক, এংকৰ মিতুৰাণীৰ “সোৱৰণী” দ্বিতীয়টো গীত যত তেওঁ নিজে অভিনয় কৰিছে আৰু গীতটো গাইছে। মিতুৰাণীৰ “সোৱৰণী” ভিডিঅ এলবাম সৃষ্টিয়ে অসমীয়া সংগীত জগতত এক বৈপ্লৱিক পৰিবৰ্তন আনিব পাৰে বুলিও বহুতে আকাংক্ষা ব্যক্ত কৰে। “সোৱৰণী” এলবামৰ মুক্তিৰ সাফল্যই সাংবাদিক, উদীয়মান শিল্পী মিতুৰাণীক আন এটি গীত সৃষ্টি কৰাত অৰিহণা যোগাইছে, যিটো অলপতে মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে।