গোসাইগাঁও, সংবাদ ৩৬৫, ১১ অক্টোবৰ: উত্তৰ বংগ আৰু অসমৰ বিভিন্ন অঞ্চলত চ’ত সংক্ৰান্তিত চড়ক পূজা অনুষ্ঠিত কৰি শিৱ আৰাধনাত ব্ৰতী হ’বলৈ দেখা যায় ভক্তপ্ৰাণ ৰাইজক। বিশেষকৈ বঙালী জনগোষ্ঠীৰ মাজত এই পূজাৰ প্ৰচলন বৈদিক যুগৰ পৰা চলি থকা বুলি শিৱ পূৰানতো উল্লেখ আছে। চ’ত মাহ ধৰি উপবাস থাকি তথা বিভিন্ন কঠোৰ নীতি নিয়মৰ মাজেৰে পূজা পাতল কৰি মাহৰ শেষ দিনত চড়ক পূজা কৰাৰ যি ইতিহাস আৰু পুজাৰ ৰীতি-নীতি তথা মাহাত্ম্য বিভিন্ন পুথিত উল্লেখ আছে আৰু তাকে লৈ এটি তথ্য চিত্ৰ নিৰ্মাণ কৰি মহালয়াৰ সন্ধিয়া সেই তথ্য চিত্ৰখন প্ৰদৰ্শিত কৰাৰ পাছত ৰাইজৰ বিপূল সঁহাৰি বুটবিলৈ সক্ষম হৈছে শ্ৰীৰামপুৰৰ বিৰাজ ঘোষ নামৰ এগৰাকী উদ্যমী যুৱকে। উল্লেখ্য যে অতি দৰিদ্ৰ পৰিয়ালত জন্মলাভ কৰি ছাত্ৰাৱস্হাৰ পৰাই অনেক প্ৰতিকূলতাৰ মাজত অধ্যাবসায়ৰ লগতে কলা-সংস্কৃতি,চিত্ৰাংকন তথা পৰিৱেশ বিজ্ঞানৰ প্ৰতি বিশেষ উৎসাহ থকা বিৰাজ ঘোষে স্নাতোকত্তৰ ডিগ্ৰী লাভ কৰি বৰ্তমানে টেট শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিও তেঁও অনলসভাৱে বিভিন্ন সামাজিক আৰু অনুপ্ৰেৰণামূলক অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা উঠি অহা নৱপ্ৰজন্মলৈ এক ইতিবাচক বাৰ্তা দিবলৈ প্ৰচেষ্টা আগবঢ়াই আছে। শ্ৰীৰামপুৰৰ বাসিন্দা বিশ্বনাথ ঘোষ আৰু শীলা ঘোষৰ জ্যেষ্ঠ পুত্ৰ বিৰাজ ঘোষ চড়ক নামৰ তথ্য ভিডিঅ’ ছবিৰ পৰিচালনা কৰি নিজৰ কৃতিত্ব জাহিৰ কৰিছে। নিপূনভাৱে নিৰ্মান কৰা তথ্যচিত্ৰটোৰ আনুষ্ঠানিকভাৱে মহালয়াৰ সন্ধিয়া শ্ৰীৰামপুৰ বজাৰৰ শাৰদীয় দূৰ্গা পুজাৰ মন্ডপত প্ৰদৰ্শিত হয়। ৰাজীব ঘোষে পৰিচালনা কৰা ‘চড়ক’ ছবিখন চাই ৰাইজ আপ্লুত হৈ পৰে। এই ছবিখনৰ চিত্ৰ পৰিচালক হৈছে চন্দ্ৰা কুমাৰ দাস,সম্পাদনা কৰে অভিজিৎ ৰায় আৰু শব্দ গ্ৰহন কৰে ৰিংকু বড়োই। স্বল্প দৈৰ্ঘৰ ছবিটো অনাগত দিনত ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰদৰ্শণ কৰা হ’ব বুলি জনাইছে প্ৰদৰ্শকৰ দায়িত্বত থকা দি নৰ্থ ইষ্ট ক্ৰনিকেলছ আৰু বিজ্ঞাপন অংশীদাৰ প্ৰিপালে। বিৰাজ ঘোষৰ এই সফলতাক শ্ৰীৰামপুৰ তথা কোকৰাঝাৰ জিলাৰ সংস্কৃতি প্ৰেমী ৰাইজে অভিন্দন জনোৱাৰ লগতে তেওঁৰ উত্তৰোত্তৰ সাফল্য কামনা কৰিছে।