তামুলপুৰ, সংবাদ ৩৬৫, ৬ ফেব্ৰুৱাৰী: বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন অন্যতম ৰাজনৈতিক দল বি পি এফ দল ৰাইজৰ দল ৷ ৰাইজৰ উন্নয়নেই এই দলটোৰ প্ৰধান লক্ষ্য ৷ ৰাইজৰ সুখ – দুখৰ সমভাগী হৈ সদায় দলৰ নেতা – কৰ্মী সকলে সদায় ৰাইজৰ হৈ কাম কৰি আহিছে, ভবিষ্যতেও দলটোৱে ৰাইজৰ লগত থাকি বি টি চিৰ সকলো প্ৰকাৰৰ উন্নয়নত হাত উজান দি যাব ৷ আনকি ৰাইজৰ উন্নয়নেই বি টি চি প্ৰধান হাগ্ৰাম মহিলাৰীৰ প্ৰধাল লক্ষ্য। বুধবাৰে ৰাতিপুৱা দহ বজাত তামুলপুৰ মহকুমাৰ অন্তৰ্গত বি টি চি ৰ গয়বাৰী (তামুলপুৰ) পৰিষদীয় সমষ্টিৰ কলিয়াপুৰত পঞ্চম অসম ৰাজ্যিক বিত্তীয় আয়োগৰ দ্বাৰা আবন্টিত ধনেৰে বি টি চিৰ সহযোগত পঁচিশ লাখ টকা ব্যায় সাপেক্ষে নিৰ্মান কৰিবলগীয়া কলিয়াপুৰ প্ৰাথমিক বিদ্যালয়ৰ এটি ভৱনৰ আধাৰশিলা স্থাপন কৰি এনেদৰে বক্তব্য আগবঢ়ায় বি টি চিৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ কাৰ্যবাহী সদস্য দেবেন বড়োৱে ৷ তেওঁ পুনৰ কয় যে বি টি চিত এতিয়া উন্নয়নে এক গতিলাভ কৰিছে ৷ আজি একেই আঁচনিৰ অধীনত গয়বাৰী পৰিষদীয় সমষ্টিত চাৰিখনকৈ আঁচনিৰ কাম আধাৰশিলা স্থাপন কৰা হৈছে ৷ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত তামুলপুৰত ৰাস্তাঘাট, বিদ্যালয় , খোৱাপানী যোগানো আঁচনিৰ কাম চলি আছে ৷ তামুলপুৰত স্থানীয় বিধায়ক ইমানুৱেল মছাহাৰীয়ে বিভিন্ন বিভাগৰ জৰিয়তে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজন বি টি চিৰ বিশেষ পেকেজ, জনজাতীয় উন্নয়ন দপ্তৰৰ আবন্টিত ধনেৰে প্ৰায় ২০০ কিলমিটাৰ পথ নিৰ্মাণ , খোৱা পানী যোগান আঁচনি, পকী দলং নিৰ্মানৰ কাম চলি আছে ৷ তাৰোপৰি বিভিন্ন আচনিৰ বিভিন্ন বিভাগত ৰাইজৰ স্বাৰ্থত কাম কৰি থকা হৈছে ৷ অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মদন বড়ো, শিক্ষক- অভিভাৱক সকল উপস্থিত থাকাৰ লগতে তামুলপুৰ ব্লক বি পি এফৰ নেতা ক্ৰমে যোগেন হাজৰিকা, সুভাষ বসুমতাৰী অভিজিৎ দাস দেউৰী, ধীৰেন বৈশ্য, লেবেন বড়ো লগতে স্থানীয় ৰাইজ সকল উপস্থিত থাকে ৷ পিছত দলংপাৰত তামুলপুৰ উন্নয়ন খন্ডৰ অন্তৰ্গত ৫ নং ভি চি ডি চি ৰ এটি কাৰ্যলয় ভৱন উপৰোক্ত আঁচনিৰ অধীনত আধাৰশিলা স্থান কৰাৰ সমান্তৰাল ভাৱে বুধবাৰে নাগ্ৰীজুলী উন্নয়ন খণ্ডৰ অধীনত নিজ- ডেফেলী ভি চি ডি চিৰ কাৰ্যকায় ভৱন আৰু দৈমালু প্ৰাথমিক বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ এই তিনিওখন আঁচনিৰ আধাৰশিলা অনুষ্ঠানত স্থানীয় ৰাইজ ভি চি ডিচিৰ অধ্যক্ষ ক্ৰমে অনিমা শৰনীয়া, অনিল নাৰ্জাৰী সহ স্থানীয় গাৱঁবাসী উপস্থিত আছিল ৷