তামুলপুৰ, সংবাদ ৩৬৫, ৬ ফেব্ৰুৱাৰী: ভাৰতীয় কৃষি অনুসন্ধান সংস্থাৰ অধীনত সৰ্বভাৰতীয় সমন্বিত জৈৱিক নিয়ন্ত্ৰণ অনুসন্ধান প্ৰকল্পৰ দ্বাৰা জনজাতীয় উপ-যোজনাৰ পৃষ্ঠপোষকতাত বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত তামুলপুৰ মকুমাৰ খাটপাৰাত “সমন্বিত জৈৱিক নিয়ন্ত্ৰণ ” শীৰ্ষক প্ৰশিক্ষন শিবিৰ এটি অনুষ্ঠিত হৈ যায় ৷ খাটপাৰা গাঁৱৰ থুলুংগা পথাৰ পৰিচালনা সমিতিৰ সভাপতি মনোজ বড়োৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কৃষক প্ৰশিক্ষনত অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগ তত্ত্ব বিভাগৰ মুখ্য কৃষি বিঞ্জানী ড° দিলীপ কুমাৰ শইকীয়া, বিঞ্জানী ৰুদ্ৰ নাৰায়ন বৰকাকতি, বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী সুনীল ভট্টাচাৰ্য উপস্থিত থাকি কৃষক সকলে খেতিপথাৰত জৈৱিক কৃষি পদ্ধতি, জৈৱিক কীট নাশকৰ ব্যাৱহাৰ, শস্য পথাৰত কীট পতংগৰ অনুসন্ধান আৰু ৰোগ নিয়ন্ত্ৰণ কৰা, কেনেকৈ ইয়াক প্ৰতিৰোধ কৰিব পাৰি তাৰ ওপৰত বহলায় কয় ৷ আনহাতে কৃষক সকলে নিম গছৰ পৰা কেনেকৈ জৈৱিক কীট নাশক তৈয়াৰ কৰি কেনেকৈ শস্যত জৈৱিক ভাৱে কীট পতংগ নাশক হিচাবে ব্যবহাৰ কৰিব পাৰি তাৰ ওপৰত প্ৰশিক্ষন দিয়ে ৷ খাটপাৰা গাঁৱৰ কৃষক সকলেও বেঙেনা, জিকা , ভোল আদি শস্যৰ কীট , পতংগ আৰু বিভিন্ন ৰোগ সম্পৰ্কত পোৱা সমস্যাসমুহৰ বিষয়ে কোৱাত কৃষি বিজ্ঞানী সকলে ইয়াৰ নিৰুপায় সম্পৰ্কত বহলায় কয় ৷ আনকি কৃষক সকলে বীজ শোধন সম্পৰ্কতো প্ৰশিক্ষন দিয়ে বুধবাৰৰ প্ৰশিক্ষনত। খাটপাৰা গাঁৱৰ শতাধিক কৃষক উপস্থিত থাকি জৈৱিক কৃষি পদ্ধতি আৰু জৈৱিক কীট নিয়ন্ত্ৰন সম্পৰ্কত প্ৰশিক্ষন লাভ কৰে ৷ শিবিৰৰ অন্তত পঞ্চাশ গৰাকে কৃষক সকলৰ মাজত স্প্ৰে মেচিন আৰু জৈৱিক কীটনাশকৰ সামগ্ৰীও বিতৰন কৰে । ইপিনে কালি পাচঁ ফেব্ৰুৱাৰীত কচুকাটাতো আন এটি প্ৰশিক্ষন শিবিৰ অনুষ্ঠিত কৰাৰ লগতে পঞ্চাশ গৰাকী কৃষকৰ মাজত স্প্ৰে মেচিন আৰু জৈৱিক কীটনাশক সামগ্ৰী বিতৰন কৰা হয় ৷