তামুলপুৰ, সংবাদ ৩৬৫, ২০ জানুৱাৰী: তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ আমন্ত্ৰিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ দেওবাৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। দেওবাৰৰ সভাতে সদৌ অসম কৰ্মচাৰী পৰিষদে পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্যকাৰী সমিতিৰ সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সম্পৰ্কে বিস্তৃতভাবে আলোচনা কৰে আৰু ইয়াক বলপূৰ্বক ভাৱে জাপি দিব বিচৰা কাৰ্য্যক এক ভাষাৰে গৰিহণা দিছে সদৌ অসম কৰ্মচাৰী পৰিষদে। দেশত কৈ চাকৰি ডাঙৰ নহয় বুলি দেশপ্ৰেমত উদ্বুদ্ধ হৈ ৰাজ্যখনৰ সকলো শ্ৰেণীৰ শিক্ষক, বিষয়া, কৰ্মচাৰী, শ্ৰমিক আদিয়ে জনসাধাৰণৰ পক্ষত অৱস্থান কৰি আন্দোলনত জপিয়াই পৰিছিল। ৮৬০ গৰাকী ডেকৰীৰৰ আন্দোলনত প্ৰাণ আহুতি দিছিল। তাৰে ভিতৰত ৬৮ গৰাকী কৰ্মচাৰীৰ অসমৰ সেৱাত জীৱন বলিদান দিছিল। অসমীয়া জাতিৰ চূৰান্ত ত্যাগৰ বিনিময়ত অসম চুক্তি মানি লৈছিল আৰু ১৯৭১ চনৰ ২৪ মাৰ্চ লৈ ৰাজ্যখনলৈ প্ৰব্ৰজন কৰা বিদেশী নাগৰিকৰক অসমতে ৰখাৰ ব্যৱস্থা কৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত ৰাজ্যখনত প্ৰৱেশ কৰা সকলো বেদেশীক ৰাজ্য তথা দেশৰ পৰা বহিস্কৰণৰ সিদ্ধান্ত সৰ্বজনে স্বীকৃতি দিছিল। তেনেস্থলত ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা হিন্দু বিদেশী সকলক কেৱল ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিবলৈ বিচৰা কথাটো অসম তথা ভাৰতৰ স্বাৰ্থত পৰিপন্থীয়েই নহয় ই ভাৰতবৰ্ষৰ সংবিধান ব্যৱস্থাৱলীৰো পৰিপন্থী। কেন্দ্ৰীয় চৰকাৰ এনে হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত সদৌ অসম কৰ্মচাৰী পৰিষদে অহা ৩০ জানুৱাৰী তাৰিখে সমগ্ৰ ৰাজ্যজুৰি ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। এই কাৰ্যসূচি অনুসৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত জিলা কৰ্মচাৰী পৰিষদসমূহৰ তত্ত্বাৱধানত ৰাজ্যখনৰ সকলো জিলাপতি আৰু মহকুমাধিপতিৰ কাৰ্যালয় প্ৰসঙ্গত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতাৰে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচি ৰূপায়ণ কৰিব। দেওবাৰৰ সৈতে ২৩ জানুৱাৰীত সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰা ‘বজ্ৰ নিনাদ’ কাৰ্যসূচীৰ সদৌ অসম কৰ্মচাৰী পৰিসৰে মুকলি ভাৱে সমৰ্থন জনাই।