কলগাছিয়া, সংবাদ ৩৬৫, ২০ জানুৱাৰী: বৰপেটা জিলাৰ বানিয়াৰাপাৰাস্থিত জনপ্ৰিয় জুনিয়ৰ কলেজৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন চলিত মাহৰ ২৮, ২৯ আৰু ৩০ তাৰিখে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ২৭ জানুৱাৰীত দিনযোৰা কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে প্ৰতি মাহে ৰূপালী জয়ন্তী উৎসৱৰ কাৰ্যসূচী পালন কৰা হ’ব আৰু ১৬ ৰ পৰা ১৯ অক্টোবৰলৈ বৰ্ণাঢ্য কাৰ্যক্ৰমনিকাৰে ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে জনপ্ৰিয় জুনিয়ৰ কলেজৰ ভূমি দাতা মৰহুম হৰমুজ আলীৰ পুত্ৰ জুলহাশ আলীয়ে ৰূপালী জয়ন্তী উৎসৱ উদযাপন উপলক্ষে জনপ্ৰিয় জুনিয়ৰ কলেজৰ মূল গেট খন নিৰ্মাণৰ দায়িত্ব লৈছিল আৰু দেওবাৰে গেট খনৰ আধাৰশিলা স্থাপন কৰা হয়।ৰূপালী জয়ন্তীৰ প্ৰতিটো কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজৰ সক্ৰীয় সহায়-সহযোগতা আন্তৰিকতাৰে কামনা কৰিছে।