বাইহাটা চাৰিআলিৰ পৰা বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ৩৬৫, ২১ফেব্ৰুৱাৰী: ৰাজ্যত পুলৱামা কাণ্ডক লৈ শোক অব্যাহত থকাৰ সময়তে লোকে লোকাৰণ্য বাইহাটা চাৰিআলিৰ এখন তীৰ্থ ভূমিত। শংকৰ আজানৰ মিলন ভূমিত পৰিনত বাইহাটা চাৰিআলি নিকটৱৰ্তী তথা মান্দাকাটাৰ বগুলা বাবাৰ মাজাৰ। উৰুচ উপলক্ষে লানি নিছিগা মানুহৰ সোঁত বৈছে মাজাৰলৈ। কি হিন্দু কি মুছলমান ভিন্ন ধৰ্মৰ লোকে আহি প্ৰাৰ্থনা কৰিছে মাজাৰস্থলীত। লোক বিশ্বাস মতে এই মাজাৰত অনুষ্ঠিত উৰুচলৈ আহি ভক্তই যি কামনাৰে প্ৰাৰ্থনা কৰে তাক সিদ্ধি হয় বুলি বিশ্বাস ।