তামুলপুৰ, সংবাদ ৩৬৫, ১৯ জানুৱাৰী: বাক্সা জিলাৰ তামুলপুৰ মহকুমাত বিগত বহু দিনে অব্যাহত আছে হাতী মানুহৰ ভয়াবহ সংঘাত। শুকুৰবাৰে নিশা খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বন্য হস্তীৰ বৃহৎ জাক এটাই তামুলপুৰ মহকুমাৰ বৃহত্তৰ কাউলী অঞ্চলত প্ৰৱেশ কৰি এক আতংকময় পৰিবেশৰ সৃষ্টি কৰে। জাকটোৰ উপদ্ৰৱত আতংকিত হৈ অঞ্চলটোৰ লোক সকলে ঘৰ-দুৱাৰ এৰি যধে-মধে পলাবলৈ ধৰোঁতে পূব তৰুণ গাঁওৰ এজন ১৫ বছৰীয়া কিশোৰ আহত হয় আৰু কথমপি প্ৰাণ ৰক্ষা কৰে। ইপিনে হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে উক্ত গাঁৱৰে অতি দৰিদ্ৰ শ্ৰেণীৰ নিবাৰণ বৰ্মন নামৰ লোকজনৰ পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে বাৰীৰ তামোলৰ পুলি,নাৰিকল গছ,কল গছ আদি ভাঙি থৈ যায়। ইয়াৰ উপৰিও হাতীৰ জাকটোৱে আন কেইবাটাও পৰিয়ালৰ ক্ষতি সাধন কৰি ঘৰৰ ভিতৰত থকা ধান চাউল খাই পেলায়। নিশা অঞ্চলটোৰ ৰাইজে হাতী খেদি পঠিয়াবলৈ জুইৰ মলা, আদি জ্বলাই হাই-উৰুমি কৰে যদিও পুৱতি নিশা ৪ মান বজাত হে হাতীৰ জাকটো উভতি যায়। সম্প্ৰতি অঞ্চলটোৰ লোকৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰাৰ লগতে বন বিভাগৰ লোকৰ ওপৰত ক্ষোভিত হৈ পৰে ৰাইজ। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীৰ উপদ্ৰৱে সম্প্ৰতি নিদ্ৰাহৰণ কৰি আহিছে তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি অঞ্চলৰ লগতে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ।