বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ১৯জানুৱাৰী: ক্ৰমাৎ অবৈধ বেহাৰ ৰমৰমীয়া ব্যৱসায়ে গা কৰি উঠিব ধৰিছে বাইহাটা চাৰিআলি অঞ্চলত। যোৱা ১৭জানুৱাৰীৰ নিশা প্ৰায় ১১.৩০ বজাত উত্তৰ কামৰূপ বন সংমণ্ডলৰ চিলা আঞ্চলিক বন বিষয়া ৰবীন বৈশ্যৰ নেতৃত্বত এটি বন বিষয়া ও কৰ্মচাৰীৰ দলে নৈশ তহলদাৰী কৰি অবৈধ ভাৱে শিল-বালি সৰবৰাহ কৰাৰ অপৰাধত এ এছ- ২৫- ডি চি- ৪৫৩৫ আৰু এছ- ২৫- ডি চি- ১৫৫০ নম্বৰৰ দুখন ডাম্পাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চাংসাৰিৰ চৌকিগেট অঞ্চলৰ পৰা জব্দ কৰে। এই ডাম্পাৰ দুখনত ১৬ ঘন মিটাৰকৈ শিল-বালি বোজাই কৰা আছিল যদিও ১০ ঘন মিটাৰকৈহে বৈধ চালান/পৰিবহণ পত্ৰ আছিল। অবৈধ ভাৱে অত্যধিক ক্ষুদ্ৰ খনিজ সম্পদ কাঢ়িওৱাৰ অপৰাধত এ এম. এম. চি. আৰ ২০১৩ ৰ ৬৩ ও ৬৪(১) ধাৰাৰ অধীনত গাড়ী দুখনসহ অবৈধ শিল বালি সমূহ জব্দ কৰা হৈছে। জব্দকৃত গাড়ী দুখন বৰ্তমান চিলা বনাঞ্চলিক কাৰ্যালয়ত ৰখা হৈছে আৰু যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সংক্ৰান্তত চিলা বনাঞ্চলিক কাৰ্যালয়ত ২০১৮-১৯ বৰ্ষৰ এছ/৬ আৰু এছ/৪৭ নম্বৰৰ দুটা বন গোচৰো ৰুজু কৰা হৈছে।