ধুবুৰী, ২৯ ছেপ্টেম্বৰঃ ধুবুৰীৰ বিলাসীপাৰাৰ অন্তৰ্গত বামুনপাৰাৰ যুৱক মাজেৰ আলী। মাজেৰ আলীয়ে বিলাসীপাৰাত অনুষ্ঠিত বিভিন্ন খেল ধেমালিত শ্ৰেষ্ঠতা অৰ্জন কৰি বৰ্তমান ৰাষ্ট্ৰীয় পৰ্য্যায়ত নিজৰ লগতে অসমৰ নাম উজ্বলাই তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু আৰ্থিক দৈন্যতাই মাজেৰৰ বিখ্যাত খেলুৱৈ হোৱা সপোনত হেঙাৰৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, মাজেৰে মায়া নগৰী মুম্বাইলৈ কামৰ সন্ধানত গৈ মুম্বাই মাৰাথান পৰিচালনা সমিতিক লগ পায় আৰু দিল্লী মাৰাথনত অংশগ্ৰহণৰ সুবিধা লাভ কৰে। দিল্লী মাৰাথনত মাজেৰে ২১ কিঃমিঃ দূৰত্ব ১ ঘন্টা ২৮ মিনিটত শেষ কৰি প্ৰমাণ পত্ৰ আহৰণ কৰে। দিল্লী মাৰাথন মাজেৰৰ জীৱনৰ বৃহৎ সাফল্য আছিল আৰু ইইয়াৰ পিছতে মাজেৰে কেবাটাও আন্তৰ্জাতিক মাৰাথনত অংশগ্ৰহণ কৰি সাফল্য লাভ কৰে। ইয়াৰে ভিতৰত Airtel Delhi half Marathon, SCMM Mumbai, TCS WORLT 10K Bengaluru, TSK 25K Kolkata, মাজেৰে শেষ মাৰাথনত ২৫ কিঃমিঃ দূৰত্ব ১ ঘন্টা ১৫ মিনিটত শেষ কৰে। সংবাদ ৩৬৫ৰ সাংবাদিকৰে টেলিফোনিক বাৰ্তালাপত মাজেৰে কিছুদিন পিছত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ৪২ কিঃমিঃ মাৰাথন অংশগ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে। কিন্তু মাজেৰৰ আৰ্থিক দৈন্যতাৰ কাৰণে ভাল ট্ৰেক, পুষ্টিকৰ খাদ্য অবিহনে ৰাষ্ট্ৰীয় ঘাইপথত কঠোৰ অনুশীলন চলাইছে। মাজেৰক ভাল প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা দিলে হয় আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমৰ নাম উজ্জ্বলাই তুলিব পাৰিব।