নিউজ ডেস্ক

৩০ অক্টোবৰ

প্ৰৱল ভূমিকম্পই জোকাৰি গ’ল তুৰ্কী আৰু গ্ৰীচক। তুৰ্কীৰ ইনজমিৰ চহৰৰ পৰা ১৭ কিলোমিটাৰ দূৰত্বত ৭.০ প্ৰাৱল্যত অহা তীব্ৰ ভূমিকম্পই বিস্তৰ ক্ষতি সাধন কৰিছে তুৰ্কীত। ইনজমিৰ চহৰৰ বহু অট্টালিকা তাচ পাতৰ দৰে খহি পৰে।

শুকুৰবাৰে তুৰ্কী আৰু গ্ৰীছত ভয়াবহ ভূমিকম্পৰ জোকাৰণী অনুভৱ কৰা হয়। তুৰ্কীৰ ইনজমিৰ চহৰৰ পৰা ১৭ কিলোমিটাৰ দূৰত্বত ৭.০ প্ৰাৱল্যত অহা তীব্ৰ ভূমিকম্পই বিস্তৰ ক্ষতি সাধন কৰিছে ইনজমিৰ চহৰত। ভূমিকম্পৰ ফলত ইনজমিৰ চহৰৰ ২০ খনকৈ অট্টালিকা খহি পৰা বুলি জানিব পৰা গৈছে যদিও বৰ্তমানলৈকে কোনো লোক নিহত অথবা আহত হোৱাৰ খবৰ অহা নাই। ৭.০ প্ৰাৱল্যৰ তীব্ৰ ভূমিকম্পৰ প্ৰভাৱ তুৰ্কীৰ লগতে গ্ৰীচ আৰু এথেন্সটো পৰিছে।তুৰ্কীৰ লগতে গ্ৰীচৰ চামছ দ্বীপটো ভূমিকম্পৰ তীব্ৰ প্ৰাৱল্য অনুভৱ কৰা গৈছে। চামছ দ্বীপত ভূমিকম্পৰ ফলত ব্যাপক ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।

ভূমিকম্পৰ ফলত ছুনামি অহাৰ সম্ভাৱনা আছে বুলিও বিশেষজ্ঞ সকলে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ্য যে যোৱা জানুৱাৰী মাহত তুৰ্কীত এক ভয়াবহ ভূমিকম্পত প্ৰায় ৩০ জনকৈ লোক নিহত হৈছিল। ১৯৯৯ চনত তুৰ্কীৰ ইনজমিৰ চহৰত ভূমিকম্পৰ ফলত ১৭ হাজাৰ লোক নিহত হৈছিল।