কলগাছিয়া

৩০ অক্টোবৰ

কলগাছিয়াত ভয়াবহ অগ্নিকাণ্ড। জুইত সম্পূৰ্ণৰূপে জাহ গ’ল এটা বাসগৃহ। তিনি লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত। কথমপি ৰক্ষা পৰিল আন কেইবাটাও বাসগৃহ।

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপাথাৰ গাঁৱত শুকুৰবাৰে সংঘটিত হৈছে এক ভয়াবহ অগ্নিকাণ্ড। আলাউদ্দিন নামৰ এজন ব্যক্তিৰ ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ক্ষতি হয় তিনি লক্ষাধিক টকাৰ সা-সম্পত্তি। ভয়াবহ অগ্নিকাণ্ডত কথমপি ৰক্ষা পৰে আন কেইবাটাও বাসগৃহ। অগ্নিকাণ্ডত বাসগৃহত থকা আচবাব, বিভিন্ন ধৰণৰ নথি-পত্ৰ, সোণৰ অলংকাৰ আৰু নগদ টকাসহ সম্পূৰ্ণ সামগ্ৰী পুৰি ছাঁই হয়।

অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ চৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডৰ খবৰ পাই কলগাছিয়া অগ্নি নিৰ্বাপক বাহিনীৰ দল অগ্নিকাণ্ডস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।