মিৰ্জা, সংবাদ৩৬৫, ১১মাৰ্চ : পূৱ কামৰূপ বন সংমণ্ডলৰ পলাশবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ গোসাইহাটত থকা মনোৰম দক্ষিণ কামৰূপৰ মালিয়াটা পাহাৰত অবাধে চলিছে খনন কাৰ্য । পাহাৰ খনৰ মাটি খনন কৰাৰ লগতে গছ -গছনি কাটি ধ্বংস কৰিছে দুষ্টকৃতিকাৰীয়ে ।

অন্যহাতে, দুষ্ট চক্ৰত যেন সোমাই পৰিছে বন বিভাগ। এই দুষ্ট চক্ৰৰ লগত মিলিত হৈ বন বিভাগ বৰ্তমান গভীৰ নিদ্ৰাত। দিনে নিশাই চলা এই খনন কাৰ্যত দুৰ্বিসহ হৈ পৰিছে অঞ্চলটোৰ জনসাধাৰণৰ জীৱন ।

এইদৰে দীৰ্ঘদিন ধৰি খনন কার্য চলোৱাৰ ফলত বৰ্তমান ধৰিব নোৱাৰি মালিয়াটা পাহাৰৰ ছবি । আনহাতে,মাফিয়া চক্ৰৰ পকেটত সোমাই পৰা বন বিভাগে সকলো দেখিও চকু মুদা কুলিৰ ভাও ধৰি আছে ।

এনেদৰে দিনে নিশাই পাহাৰটোৰ খনন কার্য চলি থাকিলে হয়তো কিছুদিনৰ ভিতৰতে একেবাৰেই নোহোৱা হব এসময়ত উজলি থকা মালিয়াটা পাহাৰ। প্ৰশ্ন হয় পালাশবাৰী মিৰ্জা আঞ্চলিক বনাঞ্চল পূব কামৰূপ সংমণ্ডলৰ বিষয়াৰ চকুত পৰিব নে এই খনন কার্য ?? নে এনেকৈ খনন কাৰ্য্যত সহযোগিতা কৰি যাব বন বিষয়াই ।