জোনমণি বেগম

বিশ্বনাথ

১৬ মাৰ্চ

বিশ্বনাথ সমষ্টিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰৰ হৈ এই বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। বিশ্বনাথৰ কেইবাখনো গাঁৱত মন্ত্ৰী গৰাকীয়ে বাইক ৰেলী কৰি বিশ্বনাথৰ চন্দ্ৰপুৰ বাকৰিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে বদৰুদ্দিন আজমল আৰু কংগ্ৰেছ দলক তীব্ৰ আক্ৰমণ চলায়।

এই নিৰ্বাচনী সভাতে মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত কয়, “মই কংগ্ৰেছ দলত ২১ বছৰ আছিলো, এশ বছৰীয়া কংগ্ৰেছ দলত মহাত্মা গান্ধী আছিল, লোকপ্ৰীয় গোপীনাথ বৰদলৈ আছিল, দেশভক্ত তৰুণ ৰাম ফুকন আছিল আনকি স্বাধীনতা আন্দোলনৰ সময়ত জ্যোতি প্ৰসাদ আগৰৱালাও আছিল কিন্তু আজি এই কংগ্ৰেছ দলে বদৰুদ্দিন আজমলৰ বোকোছাত উঠি ললে। অসমত বদৰুদ্দিন আজমলৰ বাহিৰে মিত্ৰতা কৰিবলৈ আন কোনো বস্তু নাছিল নেকী?” হিমন্ত বিশ্ব শৰ্মাই আনকি কংগ্ৰেছক দিয়া প্ৰতিটো ভোটে আমক দুৰ্বল কৰিব আৰু আমাক বদৰুদ্দিন আজমলৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ বাধ্য কৰিব বুলি উল্লেখ কৰি কয় যে কাজিৰঙাৰ গঁড় কেইটাৰ পৰা বৰদোৱা লৈকে, তেজপুৰৰ পৰা বিশ্বনাথলৈকে আমাৰ কোনো মানুহক সংস্কৃতি আৰু সভ্যতাক লৈ জীয়াই থাকিবলৈ নিদিব বুলিও প্ৰকাশ কৰে। মন্ত্ৰী গৰাকীয়ে কয়, “কংগ্ৰেছ দলে বদৰুদ্দিন আজমলৰ বোকোছাত উঠি লৈ অসমৰ সমগ্ৰ পৰিৱেশ বিনষ্ট কৰি পেলাইছে।”

আনহাতে মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে এই নিৰ্বাচনত ভাৰত, অসম, সনাতন আৰু বদৰুদ্দিন আজমল এই দুই পক্ষ থিয় আছে।এই নিৰ্বাচন সভ্যতা ৰক্ষাৰ নিৰ্বাচন আৰু বিকাশৰ মহাৰণ। গতিকে ৰাইজ সিদ্ধান্ত আপোনালোকে ল’ব লাগিব আপোনালোকে ভোট কাক দিব। ইফালে সাংবাদিকৰ আগত মন্ত্ৰী গৰাকীয়ে মন্তব্য দিয়ে যে অসমত কংগ্ৰেছে লাচিত আৰু চিলাৰায়ক মডিফাই কৰি চিৰাজুদ্দিন আৰু বদৰুদ্দিন আজমল কৰি দিলে।