ৰঙিয়া, ২৪ মেঃ জৰাজীৰ্ণ দলং মেৰামতিৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ প্ৰতিবাদত উত্তাল হৈ পৰে কামৰূপৰ ধুহি৷ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ধুহিৰ জৰাজীৰ্ণ কাঠৰ দলং বাবে দীৰ্ঘদিন ধৰি দূৰ্ভোগ ভুগিব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ জনতাই৷ দৈনিক শতাধিক লোক দলংখনেৰে মৰণত-শৰণ দি যাতায়ত কৰিবলগীয়া হয়৷ দলংখন পুননিৰ্মাণৰ কাৰণে স্থানীয় লোকে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে যদিও প্ৰশাসনে দলংখন পুননিৰ্মাণৰ কাৰণে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰাত সোচ্চৰ হৈ পৰিছে অঞ্চলটোৰ বাসিন্দাসকল৷ বিধায়িকা সুমন হৰিপ্ৰিয়াকো এই সন্দৰ্ভত বাৰম্বাৰ অৱগত কৰা হৈছে যদিও বিধায়িকা গৰাকীয়েও নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাত জনতা মাজত ক্ষোভৰ সৃষ্টি হৈছে৷ উপায়বিহীন হৈ স্থানীয় জনতাৰ সহযোগত আছুয়ে দলং মেৰামতিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷