গুৱাহাটী, ২৪ মেঃ বিশিষ্ট বিজ্ঞানী ড° জিতেন্দ্রনাথ গোস্বামীক বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে৷ ড০ গোস্বামীৰ দৰে এজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানীৰ প্ৰত্যক্ষ দিক-নিৰ্দেশনাত অসম চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ কাম কাজে এক নতুন গতি লাভ কৰিব বুলি আশা কৰা হৈছে৷ এক প্ৰেছ বিবৃতিত বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ মন্ত্রী কেশৱ মহন্তই এই তথ্য সদৰী কৰে৷ উল্লেখ্য যে, ড° গোস্বামীয়ে আহমেদাবাদস্থিত ফিজিকেল ৰিছাৰ্চ লেব’ৰেটৰীত অবৈতনিক বিজ্ঞানী হিচাপে কৰ্মৰত আছিল৷ ফিজিকেল ৰিছাৰ্চ লেব’ৰেটৰীৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা ড° গোস্বামী চন্দ্ৰায়ন-১ৰ মুখ্য বিজ্ঞানী আছিল। তদুপৰি তেওঁ চন্দ্রায়ন-২’ আৰু মংগলায়ন’ অভিযানৰ সৈতেও প্রত্যক্ষভাৱে জড়িত। টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিছাৰ্চত বিজ্ঞানী হিচাপে কেৰিয়াৰ আৰম্ভ কৰা ড° গােস্বামীয়ে বিভিন্ন আন্তর্জাতিক গৱেষণা সংস্থাৰ গৱেষণামূলক কাম কৰি সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে। ৰাজ্য চৰকাৰে “অসম ৰত্ন’ৰে সন্মানিত কৰা ড° গোস্বামীয়ে লাভ কৰিছে শান্তিস্বৰূপ ভাটনাগৰ বঁটা, অক্সফ’ৰ্ড বঁটা আদি।