নিউজ ডেস্ক

২৬ জানুৱাৰী

গণৰাজ্য দিৱসৰ দিনাই দিল্লীত কৃষকৰ ট্ৰেক্টৰ ৰেলী। কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে গণৰাজ্য দিৱসৰ দিনাই কৃষকৰ ট্ৰেক্টৰ ৰেলী। পুৱাৰ ভাগতে লাখ লাখ ট্ৰেক্টৰ লৈ ওলাই আহি দেশৰ কৃষকসকল। ইতিমধ্যে দিল্লীত ভয়াবহ ৰূপ ধাৰণ কৰিছে কৃষকৰ ট্ৰেক্টৰ ৰেলী। আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠি চালনা কৰিবলৈ বাধ্য।

কেন্দ্ৰীয় চৰকাৰে বলবত কৰা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে বিগত দুমাহ ধৰি দেশৰ কৃষক সকলে প্ৰতিবাদ চলাই আহিছে। প্ৰচণ্ড শীতকো নেওচি কৃষক সকলে কৃষি আইন বাতিল কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে গণৰাজ্য দিৱসৰ দিনা কৃষক সকলে কৃষি আইনৰ বিৰুদ্ধে উলিয়াই ট্ৰেক্টৰ ৰেলী। পুৱাৰ ভাগতে কৃষক সকলে লাখ লাখ ট্ৰেক্টৰ লৈ ট্ৰেক্টৰ ৰেলী উলিয়াই দিল্লী অভিমুখে যাত্ৰা কৰে। কৃষক সকলক আৰক্ষীয়ে বাধা প্ৰদনা কৰাৰ কৃষক সকলে আৰক্ষীয়ে বেৰিকেড ভাঙি ট্ৰেক্টৰ ৰেলী অব্যাহত ৰাখে। ইয়াৰ মাজতে কৃষক সকলৰ ট্ৰেক্টৰ ৰেলীক বাধা প্ৰদনা কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠি চালনা কৰিবলৈ বাধ্য হয়। ইতিমধ্যে কৃষক সকলে ট্ৰেক্টৰ ৰেলী লৈ দিল্লীত প্ৰৱেশ কৰি লাল কিল্লাত উপস্থিত হৈছে। দিল্লীত ভয়াবহ ৰূপ ধাৰণ কৰিছে কৃষকৰ ট্ৰেক্টৰ ৰেলী। কৃষি আইনৰ বিৰোধিতা কৰি কৃষক সকলে উলিওৱা বিশাল প্ৰতিবাদী ট্ৰেক্টৰ ৰেলীত ইতিমধ্যে এগৰাকী কৃষকৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে বিগত দুমাহ ধৰি দেশৰ কৃষক সকলে কৃষি আইন বাতিল কৰাৰ দাবীত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

কৃষি আইন তিনিখনকলৈ চৰকাৰ আৰু কৃষক সকলৰ মাজত কেইবাটাও বৈঠক অনুষ্ঠিত হৈছিল। কৃষক আৰু চৰকাৰৰ মাজত হোৱা বৈঠকত কোনো ধৰণৰ সমাধানৰ পথ ওলাই নহাত কৃষক সকলে অৱশেষত কৃষি আইনৰ বিৰুদ্ধে ট্ৰেক্টৰ ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দিল্লী আৰক্ষীয়ে কৃষক সকলক ট্রেক্টৰ ৰেলীৰ অনুমতি প্ৰদান কৰা নাছিল যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে কৃষক সকলক ট্ৰেক্টৰ ৰেলীৰ অনুমতি প্ৰদান কৰে।