কুন্দন ভৰালী

নগাঁও

২৬ জানুৱাৰী

নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ দেশৰ লগতে অসমতো উলহ মালহেৰে উদযাপন কৰা হয় ৭২ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱস অনুষ্ঠানৰ অন্তত বিৰোধী দল কংগ্ৰেছ, এ আই ইউ ডি এফৰ লগতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক সমালোচনা মন্ত্ৰী গৰাকীৰ।

নগাঁৱত ৭২ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মূখ্য অতিথি হিচাপে উপস্থিত থাকি আৰক্ষী, এন চি চিৰ কুচকাৱাজৰ অভিবাধন গ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। পতাকা উত্তোলন কৰি স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সুৱৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ অন্তত মন্ত্ৰী গৰাকীয়ে এ আই ইউ ডি এফ প্ৰধান আজমল কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ ত্ৰাণকৰ্তা বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে। সকলোবোৰ ৰাজনৈতিক দলেই বদৰুদ্দিন আজমলক নেতা মানি ৰাজনৈতিক পথাৰত ভৰি দিয়া বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসমত পুনৰ বিজেপিৰেই চৰকাৰ হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। অসম বিধানসভাত গ্ৰহণ কৰা প্ৰতিখন আইনেই ২০২১ চনৰ পৰা প্ৰযোজ্য হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে ছয় জনগোষ্ঠীৰ জনজাতিকাৰণৰ কামো আগবাঢ়িছে বুলি জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই।