গুৱাহাটী, সংবাদ ৩৬৫, ২২ মে’ : বিগত বছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰা হব ভাৰতৰ পৰ্বতাৰোহন ফাউণ্ডেশ্যনৰ সহযোগত ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্ট্ৰি প্ৰিন’ৰশ্বিপ অসম স্পৰ্ট ক্লাইম্বিং এছোচিয়েছন আৰু অসম পৰ্বতাৰোহন সংস্থাৰ যৌথ উদ্যোগত ২য় সংখ্যক বিমল চন্দ্ৰ গোস্বামী স্মাৰক উত্তৰ-পূব মুকলি স্পৰ্ট ক্লাইম্বিং প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । এই কথা এখন সংবাদমেলৰ জৰিয়তে ব্যক্ত কৰে প্ৰতিযোগিতাখনৰ উদ্যোগক্তাই।

ভাৰতৰ পৰ্বতাৰোহন ফাউণ্ডেশ্যনে ভাৰতৰ উত্তৰ-পূৱৰ সাতোখন ৰাজ্যৰ উপৰিও চিকিমক সামৰি এই প্ৰতিযোগিতাক মাংগলিক,প্ৰতিযোগিতা হিচাপে ঘোষণা কৰিছে। স্বনামধন্য পৰ্বতাৰোহি প্ৰয়াত বিমল চন্দ্ৰ গোস্বামীৰ অহোপুৰুষাৰ্থতে উত্তৰ-পূব ভাৰতৰ বিশেষকৈ এইবিধ দু সাহসীক ক্ৰিয়াৰ আৰম্ভণি হৈছিল। সেয়ে ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্ট্ৰি প্ৰিন’ৰশ্বিপ অসম স্পৰ্ট ক্লাইম্বিং এছোচিয়েছন আৰু অসম পৰ্বতাৰোহন সংস্থাৰ প্ৰয়াত গোস্বামীৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ বিগত বছৰৰ পৰা প্ৰতিযোগিতাখনিৰ আয়োজন কৰি আহিছে ।

গুৱাহাটীত অনুষ্ঠিত এই স্পৰ্ট ক্লাইম্বিং প্ৰতিযোগিতা সুখ্যাতিৰে বিজয়ী প্ৰতিযোগীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাছনিত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিব আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰা প্ৰতিযোগীসকলে অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাবে নিৰ্বাচিত হব।